ডিজিটেল ডেস্কঃ নিৰ্বাচন আয়োগে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু তেওঁ চৰকাৰৰে এজন মন্ত্ৰী যশোধৰা ৰাজে সিন্ধিয়াক নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত দিয়া নিজৰ ভাষণ সন্দৰ্ভত সতৰ্কতা জাৰি কৰিছে। মুংগাবলি আৰু কোলাৰচ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত কংগ্ৰেছে কৰা অভিযোগৰ ভিত্তিত নিৰ্বাচন আয়োগে দুয়োগৰাকী নেতাৰ ভাষণ নীৰিক্ষণ কৰে। 

মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে মুংগাবলিত প্ৰচাৰৰ সময়ত ভোটাৰসকলক দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে। কংগ্ৰেছে এই বিষয়ে আপত্তি দৰ্শাই নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰে। নিৰ্বাচন আয়োগৰ নীতি উলংঘা কৰাৰ সূচনা জাৰি কৰি আয়োগে শিৱৰাজ সিং চৌহানক সতৰ্ক কৰি ৰাজহুৱা সভাত ভাষণ দিয়াৰ সময়ত সাৱধানতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়ে। 

নিৰ্বাচন আয়োগে বিজেপিৰ ষ্টাৰ প্ৰচাৰক যশোধৰা ৰাজে সিন্ধিয়াকো কোলাৰচ বিধানসভা উপ-নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত দাবি-ধমকি দিয়াৰ বাবেও সমালোচনা কৰে। যশোধৰা ৰাজে সিন্ধিয়াই পণ্ডোৰা গাঁৱত প্ৰচাৰ চলাই কৈছিল যে আমাক ভোট নিদিলে পানী দিয়া নহ’ব। ভোট নাপালে সমস্যাৰ প্ৰতিও গুৰুত্ব নিদিয়াৰ কথা কৈ ভোটাৰক ভয় খুওৱাৰ চেষ্টা চলোৱা বুলিও জানিব পৰা গৈছিল। 

তেওঁৰ এই ভাষণৰ বিৰুদ্ধে কংগ্ৰেছে আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিছিল। আয়োগে সিন্ধিয়াক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে দায়িত্বশীল জনকৰ্মী হোৱা হেতুকে সিন্ধিয়াই ৰাজহুৱা স্থানত কথা-বতৰাত সাবধান হোৱা উচিত।