শিৱসাগৰঃ পঞ্চায়ত নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত ব্যাপক তৎপৰতা চলি থকাৰ মাজতে শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ বৰুৱা পুখুৰী পঞ্চায়ত এলেকাত অসম গণ পৰিষদ দলে চূড়ান্ত তালিকা প্ৰকাশ কৰিছে।

বুধবাৰে অ গ পৰ বৰুৱা পুখুৰী পঞ্চায়তৰ নিৰ্বাচন পৰিচালনা সমিতিৰ সভাপতি অনুজ চুতীয়া আৰু অ গ পৰ বৰুৱা পুখুৰী আঞ্চলিক সমিতিৰ সভাপতি মুক্তি চুতীয়াই সংবাদ মাধ্যমলৈ প্রেৰণ কৰা দলীয় প্রার্থীসকলৰ তালিকা ক্রমে জয়মতী কটকী (সভানেত্ৰী), নলিনবিকাশ সন্দিকৈ (আঞ্চলিক সদস্য)ৰ লগতে পঞ্চায়তখনৰ কল্পনা আৰন্ধৰা (১ নং ৱাৰ্ড), প্ৰমোদ চুতীয়া (২ নং ৱাৰ্ড), মৃদুল বৰা (৩ নং ৱাৰ্ড), বৰ্ণালী গগৈ (৪ নং ৱাৰ্ড), নেকিমৎদ্দিন আহমেদ (৫ নং ৱাৰ্ড), ৰিংকী শৰ্মা (৬ নং ৱাৰ্ড), প্রসেনজিৎ বৰা (৭ নং ৱাৰ্ড), ছাজাদ আলী (৮ নং ৱাৰ্ড), বিজু গগৈ (৯ নং ৱাৰ্ড) আৰু পুতলী বড়া (১০ নং ৱাৰ্ড) সদস্য হিচাপে চূড়ান্ত কৰিছে । তদুপৰি ম'ৰাবজাৰ জিলা পৰিষদ সমষ্টিত দলীয় প্রার্থী হিচাপে বৰুৱা পুখুৰী আঞ্চলিকৰ সুমিত্র কুমাৰ তামুলীয়ে প্রতিদ্বন্দ্বিতা কৰিব।