শিৱসাগৰঃ এটা পলিথিনক বেগক কেন্দ্র কৰি শিৱসাগৰৰ ষ্টেচন চাৰি আলিত তীব্র চাঞ্চল্যৰ সৃষ্টি হয় উল্লেখযোগ্য যে টোপোলাৰ ভিতৰত উদ্ধাৰ কৰা হয় এটা সন্দেহজনক বোমা৷ ষ্টেচন চাৰিআলিৰ সমীপৰ এখন দোকানৰ সমুখত উদ্ধাৰ হয় সন্দেহজনক বোমাটো৷ 

সোমবাৰে সন্ধিয়া শিৱসাগৰ নগৰৰ সুন্দৰ মল মৰ্ডাণ স্কুলৰ সমীপত  তথা  এ টি ৰোডৰ  কাষত  প্ৰায় আধা কি গ্ৰা ওজনৰ এটা বোমা উদ্ধাৰ হয় । পাছত আৰক্ষীয়ে বোমাটো সুৰক্ষিত স্থানলৈ লৈ যায় । এই ঘটনাত ৰাজু আলি নামৰ এজন ব্যক্তি জড়িত থকা বুলি আৰক্ষীৰ পৰা জানিব পৰা গৈছে ।  জয়সাগৰস্থিত ১৭ পাৰা ৰেজিমেণ্টৰ সামৰিক বাহিনীয়ে আটক কৰিছে ৰাজু আলি ওৰফে মেকুৰীক। মেকুৰী পূৰ্বতেএ বহু কূটাঘাতমূলক কাৰ্যত জড়িত হৈ জেলৰ ভাত খাই আহিছিল। এই ঘটনাতো  ৰহস্যৰ আৱৰ্তত। যিহেতু আৰক্ষীয়ে বোমাটো উদ্ধাৰ হোৱাৰ পাছত খুউব  সহজে গাড়ীত তুলি লৈ যায়। কাইলৈ অসমৰ ৪৬ টা সংগঠনে ১২ ঘন্টীয়া অসম বন্ধ আহ্বান কৰিছে । সেয়েহে আজি সন্ধিয়া বোমা উদ্ধাৰ হোৱা ঘটনাই ৰাইজক বিভিন্ন ধৰণে ভবাই তুলিছে ।