জয়সাগৰঃ সৰ্বদিশতে পৰিৱৰ্তন কৰাৰ প্ৰতিশ্ৰুতি দি শাসনৰ গাদী দখল কৰা অগপ, বিজেপি আৰু বিপিএফৰ মিত্ৰজোঁটৰ চৰকাৰে খনৰ প্ৰতিশ্ৰুতি ভুৱা আছিল বুলি অভিযোগ উত্থাপন হ’ব ধৰিছে৷

সৰ্বদিশতে উন্নয়ণৰ প্ৰতিশ্ৰুতি দি শাসনৰ গাদী দখল কৰা অগপ, বিজেপি, বিপিএফ দলে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ উত্থাপন কৰিব আৰম্ভ হৈছে অসমৰ গ্ৰাম্য এলেকাত৷

গ্ৰাম্য অঞ্চলৰ উন্নয়ণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হ’ব ধৰিছে ২০১৬ চনত গঠন হোৱা চৰকাৰৰ বিৰুদ্ধে৷ গ্ৰাম্য অঞ্চলৰ বাট-পথ, বিশুদ্ধ খোৱাপানী, বিদ্যুৎৰ সমস্যা সমাধানত চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ বিশেষকৈ শক্তি বিভাগৰ উন্নয়ন কৰি ২৪ ঘন্টাই বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি দিছিল চৰকাৰে৷

২৪ ঘন্টাই বিদ্যুৎ যোগান ধৰাটো দূৰৰ কথা গ্ৰাম্য অঞ্চলত আজিও কাঠৰ খুঁটাত, বাঁহৰ খুঁটাত বিদ্যুৎ সংযোদ দিয়া দেখা যায়৷ একপ্ৰকাৰ কৈ থাকিলে শেষ নহয় ৰাজ্যৰ শক্তি বিভাগৰ গাফিলতিৰ কথা৷ কৰবাত যদি তাঁৰ ছিগি পৰি থকাৰ ফলত মানুহ মৰিছে কৰবাত আকৌ বাঁহৰ খুঁটাৰে টানি নিব লগা হৈছে বিদ্যুৎ পৰিবাহী তাঁৰ৷

কৰবাত হাবি জংঘলে আৱৰি ৰাখিছে ট্ৰেন্সফৰ্মাৰ, আন কৰবাত গছত বিদ্যুৎ পৰিবাহী তাৰ বান্ধি সৰবৰাহ কৰিছে বিদ্যুৎ৷ মুঠৰ ওপৰত বিভাগটোত এতিয়া পয়মালেই পয়মাল৷ শিৱসাগৰ জিলাতো কাঠৰ খুঁটা, বাঁহৰ খুঁটাত বিদ্যুতৰ তাৰ টানি বিদ্যুৎ সংযোগ কৰা দেখা যায়৷ 

একাংশ ঠাইত ৰাইজে নিজেই বাহৰ খুঁটা, কাঠৰ খুঁটা ব্যৱহাৰ কৰা দেখা যায়৷ শিৱসাগৰ জিলাৰ গড়গাঁও বিদ্যুৎ সংমণ্ডলৰ অধিনৰ মেচাগঁড় আৰু মাদুৰি অঞ্চলত যিকোনো সময়তে কাঠৰ খুঁটাত, বাঁহৰ খুঁটা ভাঙি পৰি ঘটাব পাৰে ভয়ংকৰ বিপদ৷ 

কিয়নো কাঠৰ খুঁটাত, বাঁহৰ খুঁটাত বিদ্যুতৰ খুঁটাৰে বিদ্যুৎ সৰবৰাহ কৰা দেখা যায়৷ বছৰ বছৰ ধৰি খুঁটা কেইটা সমূহ সলনিন নকৰাত খুঁটা সমূহৰ মাটিৰ তলৰ অংশ পচি যোৱাত যিকোনো মুহূৰ্তত বাগৰি পৰিব পাৰে৷ 

ইমানে নহয় বাৰিষা ধুমুহা অহাৰ লগে লগে বিপদ সংঘটিত হ’ব পাৰে বুলি আগজাননী লাভ কৰাৰ পিছতো কানসাৰ নাই হাঁহিচম্পা মন্ত্ৰী পল্লৱ লোচৰ দাসৰ বিদ্যুত বিভাগৰ৷

মুঠৰ ওপৰত শিৱসাগৰ জিলাৰ মেচাগঁড় আৰু মাদুৰি অঞ্চলত বিপদ জনক ভাৱে বিদ্যুত বিভাগে যোগান ধৰি আহিছে বিদ্যুত বিভাগে। বিদ্যুতৰ সংযোগ দিয়া হৈছে যদিও ইয়াৰ পদ্ধতি অতি বিপদ জনক। কোনো স্থানত একোডাল গছত বান্ধিও বৈদ্যুতৰ তাঁৰ ওলোমাই ৰখা হৈছে। 

এনেদৰে ঘৰে-ঘৰে দিয়া হৈছে বিদ্যুতৰ সংযোগ। গাঁওবাসীয়ে অভিযোগ কৰা মতে ঠিকাদাৰে পকী খুঁটা যোগান ধৰে যদিও ঠায়ে পৰি ৰৈছে৷ বিদ্যুত সংযোগ দিয়াৰ নামত এতিয়া মেচাগঁড় আৰু মাদুৰি অঞ্চলত যথেষ্ঠ খেলিমেলি কৰি অহা বুলি অভিযোগ উত্থাপন কৰে ৰাইজে৷ 

আনহাতে শিৱসাগৰ জিলাৰ গড়গাঁও বিদ্যুৎ সংমণ্ডল ঐতিহাসিক বাঁহগড়ত বিভাগটোৰ ঠিকাদাৰে ব্যৱহাৰ কৰিবলৈ অনা বিদ্যুতৰ একাংশ খুঁটাৰ ভিতৰত নাই ৰদ নাই বুলি অভিযোগ উত্থাপন কৰে ৰাইজে৷ এখন গাড়ীৰ খুন্দাত এটি খুঁটা ভাঙি পৰাত এই কথা পোহৰলৈ আহে৷ ভাহি পৰা খুঁটাটোত ৰদ ব্যৱহাৰ কৰা পৰিলক্ষিত নহয়৷