নামতিঃ শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে কেইবাগৰাকী ভাৰ উত্তোলন খেলুৱৈইয়ে৷ গুৱাহাটী মহানগৰীৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ প্ৰকল্পত ৫-৭ জানুৱাৰীত অনুষ্ঠিত ৪৫ সংখ্যক আন্তঃজিলা ভাৰ উত্তোলন প্ৰতিযোগিতাত শিৱসাগৰ জিলাৰ খেলুৱৈই সফলতা অৰ্জন কৰি শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনে৷

পুৰুষ-মহিলাৰ জুনিয়ৰ আৰু চিনিয়ৰ দুটা শাখাত অনুষ্ঠিত প্ৰতিযোগিতাত মহিলা জুনিয়ৰ শাখাত ৪৮ কেজিত শিৱসাগৰৰ বৰ্ণালী বৰাই, ৫৮ কেজি শাখাত পপী হাজৰিকাই আৰু ৫৩ কেজিত নৱনীতা হাজৰিকাই সোণৰ পদক লাভ কৰে। ৭৫ কেজি শাখাত শিৱসাগৰৰ কবিতা খনিকৰে ৰূপৰ পদক লাভ কৰৰা লগতে ৬৩ কেজি শাখাত সংগীতা সাধনিকাৰে 'স্নেটছত' ব্ৰঞ্জৰ পদক লাভ কৰে।

আনহাতে মহিলা চিনিয়ৰ শাখাৰ ৭৫ কেজিত শিৱসাগৰৰ ডিম্পী দত্ত আৰু ৯০ কেজিত গীতাঞ্জলী গগৈয়ে সোণৰ পদক লাভ কৰে। লৰাৰ জুনিয়ৰ শাখাৰ ৫৮ কেজিত গৌৰাংগ বৰা, ৬২ কেজিত শিৱসাগৰৰ ত্ৰিদীপ বৰুৱাই একোটাকৈ সোণৰ পদক আৰু ৫৬ কেজিত অনুপ গগৈয়ে ৰূপৰ পদক লাভ কৰাৰ উপৰিও 'ক্লীন এণ্ড জাৰ্কত' সত্যজিত হাজৰিকাই সোণৰ পদক লাভ কৰে।

আনহাতে, ভাৰতীয় ডাক বিভাগক প্ৰতিনিধিত্ব কৰা শিৱসাগৰৰ যোগেন্দ্ৰ ফুকনে পুৰুষৰ চিনিয়ৰ শাখাৰ ৮৫ কেজিত সোণৰ পদক আৰু ভাৰতীয় ৰেলৱেক প্ৰতিনিধিত্ব কৰা শিৱসাগৰৰ চম্পক দত্তই ১০৫ কেজিত সোণৰ পদক লাভ কৰে। ৪৫ সংখ্যক আন্তঃজিলা ভাৰত্তোলন প্ৰতিযোগিতাত পুৰুষৰ চিনিয়ৰ শাখাত শ্ৰেষ্ঠ উত্তোলকৰ সন্মান লাভ কৰে শিৱসাগৰ জিলাৰ নামতিৰ চম্পক দত্তই আৰু মহিলা জুনিয়ৰ শাখাত শ্ৰেষ্ঠ উত্তোলকৰ সন্মান লাভ কৰে নামতিৰ পপী হাজৰিকাই। খেলুৱৈ সকলে জিলা খনলৈ গৌৰৱ কঢ়িয়াই অনাত দল-সংগঠনে শুভেচ্ছা যাচে৷