সমগ্ৰ বিশ্বতে কৰ’না ভাইৰাছে ধাৰণ কৰিছে ভয়াৱহ ৰূপ৷ বিশ্বৰ প্ৰতিখন দেশে এই সংকটৰ সৈতে যুঁজ দিছে৷ বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHOৰ মতে চীনৰ পৰা প্ৰাৰ্দূভাৱ হোৱা ভাইৰাছবিধৰ এই পৰ্যন্ত ১৮৪খন দেশত সংক্ৰমণ হৈছে৷ প্ৰাণ কাঢ়িছে ১৪ সহস্ৰাধিকৰ৷ কৰ’না ভাইৰাছে আটাইতকৈ ভয়াৱহ ৰূপ ধাৰণ কৰিছে ইটালীত৷ ইউৰোপ মহাদেশৰ এইখন দেশত বিশ্বৰ ভিতৰতে কৰ’নাত সৰ্বাধিক লোকৰ মৃত্যু হৈছে৷ ২২ মাৰ্চ পৰ্যন্ত ইটালীত মৃত্যু হৈছে ৪০৩১ গৰাকী লোকৰ৷ ২১ মাৰ্চৰ দিনটোত এদিনতে মৃত্যুক আকোৱালি লৈছে ৭৯৩ জনকৈ লোকে৷ ইয়াৰ এদিন পূৰ্বে দেশখনত মৃত্যু হৈছিল ৬২৭ গৰাকী লোকৰ।

চীনত প্ৰথমে কৰ’না ভাইৰাছৰ ঘটনা ধৰা পৰিছিল বিগত বৰ্ষৰ ডিচেম্বৰত৷ প্ৰায় ৪মাহৰ অন্তত এই ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত এটা পৰ্যায়লৈ সফলতা লাভ কৰিছে চুবুৰীয়া দেশখনে৷ দেশখনত কৰ’নাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ৩,২৬১ গৰাকী লোকে৷ চীনা প্ৰশাসনে দাবী কৰা মতে, যোৱা এসপ্তাহত তীব্ৰ গতিত হ্ৰাস পাইছে নতুন ঘটনা৷  

কৰ’না ভাইৰাছৰ বিৰুদ্ধে ইটালীয়ে কৰা যুঁজখনক লৈ অৱতাৰণা হৈছে বহু প্ৰশ্নৰ৷ বেলেৰিঅ’ কেপ্ৰাৰো নামৰ এগৰাকী লোকে টুইটাৰত ইটালীৰ ভুলসমূহৰ কথা স্পষ্টকৈ লিখিছে৷ পেছাত অধ্যাপক কেপ্ৰাৰো বৰ্তমান লণ্ডনৰ বাসিন্দা৷ অধ্যাপক কেপ্ৰাৰোৱে ৬টাকৈ ধাৰাবাহিক টুইটযোগে ব্যাখ্যা কৰিছে কিদৰে কাৰ ভুলৰ বাবে ইটালীত আজিৰ পৰিস্থিতিয়ে দেখা দিছে। ২০ মাৰ্চত কৰা টুইটত কেপ্ৰাৰোৱে লিখিছে, 'ঠিক এমাহ পূৰ্বে ইটালীত প্ৰথমটো কৰ’নাৰ ঘটনা ধৰা পৰিছিল৷ মই কব খুজিছো যে ইয়াৰ পিছত এমাহৰ ভিতৰত কি কি হ’ল। আশা কৰো আপোনালোকে আমাৰ ভুলৰ পৰা শিক্ষা ল’ব৷’

প্ৰথম টুইটঃ প্ৰথম দুই সপ্তাহত কেৱল ১১ খন চহৰত লকডাউন কৰা হৈছিল৷ সেই সময়ত মৃত্যুৰ সংখ্যা কম আছিল৷ ৰাজনৈতিক নেতাসকল আৰু মহামাৰী বিশেষজ্ঞসকল ব্যস্ত আছিল টিভিৰ টকশ্ব’ত কথাৰ কটাকটি কৰাত৷ তেওঁলোকে কৈছিল যে এয়া কেৱল ফ্লু’ অৰ্থাৎ জ্বৰৰ দৰে ৰোগ৷

দ্বিতীয় টুইটঃ দ্বিতীয় সপ্তাহ সমাপ্ত হোৱাৰ লগে লগে এয়া স্পষ্ট হৈ পৰিল যে এই ভাইৰাছ ইটালীৰ উত্তৰ অঞ্চলত পূৰামাত্ৰাই বিয়পি পৰিছে৷ এদিনতে ৫০ জনকৈ লোকৰ মৃত্যু হ’বলৈ ধৰিলে৷ ইটালীৰ চৰকাৰে লোম্বাৰ্দী চহৰসহ কেইবাখনো চহৰ লক-ডাউন কৰিবলৈ চেষ্টা কৰিলে৷ কিন্তু দক্ষিণপন্থী নেতাসকলে অদ্ভুত কাণ্ড কৰিলে৷ কৰ’নাৰ বিৰুদ্ধে যুদ্ধৰ বাবে চৰকাৰে ৰূপায়ণ কৰিবলৈ লোৱা আইনৰ ড্ৰাফট কপি সংবাদমাধ্যমৰ হাতত তুলি দিলে নেতাসকলে৷ ফলত আইন গৃহীত হোৱাৰ পূৰ্বেই মানুহবোৰ আতংকিত হৈ পৰিল৷ আতংকিত লোকসকলে লোম্বাৰ্দী চহৰ এৰিবলৈ ধৰিলে৷  লোম্বাৰ্দী চহৰক ৰেড জ’ন ঘোষণা কৰা হ’ল৷ 

তৃতীয় টুইটঃ তিনি দিন পিছত প্ৰতিদিনে ৫০-২০০ জনলৈকে মানুহ এই ভাইৰাছত আক্ৰান্ত হ’বলৈ ধৰিলে৷ ৰেড জ’নৰ বাহিৰৰ পৰা কৰ’নাত আক্ৰান্ত হোৱাৰ ঘটনা পোহৰলৈ আহিবলৈ ধৰিলে৷ ইয়াৰ পিছতেই প্ৰধানমন্ত্ৰী জিউস্পি কণ্টেই সমগ্ৰ ইটালীতে সম্পূৰ্ণ ৰূপে লক-ডাউন ঘোষণা কৰে৷

চতুৰ্থ টুইটঃ চতুৰ্থ সপ্তাহত উত্তৰ ইটালীত স্বাস্থ্য ব্যৱস্থা একেবাৰে তছনছ হৈ পৰিল৷ বৰগাম’ চহৰত এম্বুলেন্সৰ বাবে ৭ ঘণ্টা পৰ্যন্ত অপেক্ষা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ল৷ মৃতকৰ মুঠ সংখ্যাৰ ভিতৰত ৮৭ শতাংশ লোকে নিজ ঘৰতে মৃত্যুক আকোৱালি ললে৷ কিয়নো হাস্পতাললৈ যাবই নোৱাৰিলে৷ সেই সময়ত হাস্পতালত ভৰি এখন ৰাখিবলৈ ঠাই নাছিল৷ মৃতদেহ কফিনত ভৰাই হাস্পতালত শাৰী শাৰীকৈ থবলগীয়া হৈছিল৷ এই কথা মই বঢ়াই কোৱা নাই৷ পৰিস্থিতি এনে হৈছিল যে মৃতদেহ ট্ৰাকত লৈ যাবৰ বাবে সেনাক মতা হৈছিল৷ 

পঞ্চম টুইটঃ এইবোৰৰ মাজতে দক্ষিণ ইটালীত ক্ৰমান্বয়ে মানুহবোৰ ৰোগত আক্ৰান্ত হ’বলৈ ধৰিলে৷ পৰিসংখ্যাত স্পষ্ট হৈ পৰিছে যে যিসকলে ভয়তে উত্তৰ ইটালীৰ পৰা পলায়ন কৰি দক্ষিণ ইটালীলৈ আহিছিল তেওঁলোকৰ সন্তান নতুবা পৰিয়ালৰ লোকসকলেই বেছিকৈ ভাইৰাছত আক্ৰান্ত হৈছে৷ 

ষষ্ঠ টুইটঃ এমাহ সম্পূৰ্ণ হ’ল৷ এদিনতে মৃত্যু হোৱা লোকৰ সংখ্যা ৬৭২গৰাকী হৈ পৰিল৷ এখন ছুপাৰ মাৰ্কেট বন্ধ কৰিবলগীয়া হ’ল৷ কিয়নো তাত কাম কৰা এগৰাকী কৰ্মচাৰী ভাইৰাছত আক্ৰান্ত হ’ল৷ তাৰ পিছত বাকী ছুপাৰ মাৰ্কেটসমূহ বন্ধ কৰিলে৷ স্পষ্ট কথা এয়েই যে এয়া কেৱল ফ্লু নহয়৷ ঘৰতে থাকক। ভাইৰাছবিধক বিয়পিবলৈ সুবিধা নিদিব৷ আজি ঘৰত থাকি আপুনি কৰা কিঞ্চিৎ ত্যাগে কাইলৈ সমগ্ৰ পৃথিৱীখনকে সুন্দৰ কৰি তুলিব৷

অসমবাসীয়ে ইয়াৰ পৰা কি শিকা উচিত?

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সন্ধিয়া লকডাউন ঘোষণা কৰাৰ কথা সদৰী কৰিবলৈ অনুষ্ঠিত কৰা সংবাদ মেলত জনোৱা মতে অসমত এজনো লোকৰ দেহত এতিয়ালৈ পজিটিভ ধৰা পৰা নাই। এই সময়ছোৱাত প্ৰায় ১৫০ জন লোকক টেষ্ট কৰা হৈছে বুলিও জনাইছে মন্ত্ৰীগৰাকীয়ে। আনহাতে অসমত এজনো লোক কৰ’নাত আক্ৰান্ত নহ’লেও ভাৰতত সোমবাৰৰ সন্ধিয়ালৈকে কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাই হৈছেগে ৪২০জনৰো অধিক। মৃত্যু হৈছে ৮ জনকৈ লোকৰ। অসমসহ ২০ খনকৈ ৰাজ্যত লকডাউন ঘোষণা কৰা হৈছে। ৰেল আৰু বাছৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে। ঘৰুৱা বিমানো বন্ধৰ কথা সদৰী কৰিছে চৰকাৰে। 

আনহাতে দেওবাৰে সমগ্ৰ দেশে পালন কৰে জনতা কাৰ্ফিউ। এই জনতা কাৰ্ফিউৰ পূৰ্বে বহু লোকে নিজৰ কাম কৰা ঠাইৰ পৰা ঘৰলৈ উভতিছে। আনকি জনতা কাৰ্ফিউৰ দিনটোতো সন্ধিয়া ৫ বজাত ধন্যবাদ জনোৱাৰ নামত কাহী-বাতি লৈ ৰাজপথত সমদল উলিয়াইছে। অসমৰ ভিন্ন প্ৰান্ততো বহু লোকে কালিৰ দিনটোত এনেদৰে দল বান্ধি হাতত ধৰাধৰিকৈ সমদল বাহিৰ কৰা দেখা গৈছে। একেদৰে কাইলৈ সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হ’বলগীয়া লকডাউনৰ পূৰ্বেও বহু লোকে চহৰৰ পৰা নিজ নিজ ঘৰলৈ যোৱাৰ যো-জা চলাইছে। ইয়াৰ ফলত কৰ’না বিয়পি পৰাৰ সম্ভাৱনা অধিক হৈ পৰে।

বিশেষজ্ঞসকলৰ মতে, এই সপ্তাহটো ভাৰত তথা অসমৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ। বৰ্তমান ভাৰতত কৰ’না ভাইৰাছ দ্বিতীয় পৰ্যায় অৰ্থাৎ লোকেল ট্ৰান্সমিছন পৰ্যায়ত আছে। অৰ্থাৎ এতিয়ালৈকে কৰ’না ধৰা পৰা ঘটনাসমূহৰ লোকসকলৰ প্ৰায়সংখ্যাকেই বিদেশৰ পৰা উভতা লোকৰ দ্বাৰা পোনপটীয়াকৈ সংক্ৰমিত হৈছে। ইয়াৰ পিছতেই আহে তৃতীয় পৰ্যায় বা কমিউনিটি ট্ৰান্সমিছন। যেতিয়া কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ব্যক্তিৰ পোনপটীয়া সংস্পৰ্শলৈ নহাকৈয়ে প্ৰত্যক্ষ কাৰকসমূহৰ পৰা যেনে কৰ’না আক্ৰান্তই স্পৰ্শ কৰা সামগ্ৰী, স্থান আদিৰ পৰা বিয়পে তেতিয়াই ইয়াক কমিউনিটি ট্ৰান্সমিছন আখ্যা দিয়া হয়। ইটালী, ইৰাণ, গ্ৰেট ব্ৰিটেইন আদি দেশত এই পৰ্যায় পোৱাৰ পিছতে অৱস্থাৰ অৱনতি ঘটিছিল। 

ইতিমধ্যে শনিবাৰ, দেওবাৰ আৰু সোমবাৰৰ দিনটোৰ লগতে বিগত প্ৰায় এসপ্তাহ ধৰি বহিঃৰাজ্যৰ পৰা কেবাখনো ৰেলযোগে অসমলৈ শতাধিক লোকৰ আগমন ঘটিছে। এইসকল লোকৰ বহুতেই স্বাস্থ্য পৰীক্ষা নকৰাকৈয়ে নিজৰ নিজৰ গাঁৱৰ ঘৰলৈ গৈছে আৰু কোৱাৰেণ্টাইন নোহোৱাকৈয়ে ঘূৰি ফুৰিছে বা পৰিয়ালৰ বাকী সদস্যসকলৰ সংস্পৰ্শলৈ  আহিছে। কেৰালা আৰু মহাৰাষ্ট্ৰত এনে কাৰণৰ বাবেই কৰ’নাত বহু লোক আক্ৰান্ত হ’বলগীয়াত পৰিছে। এনে পৰিপ্ৰেক্ষিতত চৰকাৰে নগৰসমূহৰ লগতে গ্ৰামাঞ্চলৰ বাবে সুকীয়া ব্যৱস্থা গ্ৰহণ কৰাতো প্ৰয়োজনীয় আছিল যদিও তেনে কোনো চকুত লগা ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। সেয়ে এই মুহূৰ্তত সাৱধানতা অৱলম্বনৰ বাদে অসমবাসীৰ হাতত নাই কোনো বিকল্প।