পুত্ৰলৈ বাট চাই কোটিটকীয়া ফ্লেটত কংকাল হ'ল মাতৃ

Printer-friendly versionSend by email
Image for Representation
Image for Representation

ডিজিটেল ডেস্কঃ এগৰাকী কোটিপতি মহিলা। তেওঁৰ কোটিপতি পুত্ৰ আমেৰিকা নিবাসী প্ৰবাসী ভাৰতীয়। যোৱা দহ মাহেই ৭ কোটি টকীয়া ফ্লেটত বন্ধ কোঠাত কংকাল হৈ পৰি ৰৈছে আশা সাহানী নামৰ কোটিপতি মহিলাগৰাকী। নিসংগতাই তেওঁকএনেকৈ তিলতিলকৈ লৈ গৈছিল মৃত্যুৰ কাষলৈ। অৱশেষত এদিন বন্ধ কোঠাত অকলশৰে ছোফাত বহি থাকোতেই চিৰদিনৰ বাবে ঢলি পৰিছিল শেষবাৰৰ বাবে পুত্ৰক এবাৰ চোৱাৰ আশা পুহি ৰখা ষাঠি উৰ্ধৰ আশাই।

যোৱা দেওবাৰে আমেৰিকা নিবাসী ছফটৱেৰ ইঞ্জিনীয়াৰ ঋতুৰাজ সাহানীয়ে সুদীৰ্ঘ দিনৰ বিৰতিৰ অন্তত যেতিয়া মুম্বাইৰ নিজৰ ঘৰলৈ আহে, তেতিয়া তেঁওৰ মুখামুখি কোনো জীৱিত আত্মীয়ৰ সৈতে হোৱা নাছিল। তেওঁ মুখামুখি হৈছিল মাতৃ আশা সাহানীৰ কংকালৰ সৈতে।  মুম্বাইত অকলশৰে বাস কৰা তেওঁৰ মৰমৰ মাতৃ যে নীৰৱে শুই আছে সেয়া জনাই নাছিল আমেৰিকাৰ পৰা মাতৃক লগ কৰিবলৈ অহা পুত্ৰই। 

আশা সাহানীৰ বাৰ্ধক্যৰ আশা-ভৰসা একমাত্ৰ পুত্ৰ ঋতুৰাজে জনোৱা মতে, মাতৃৰ সৈতে তেওঁৰ শেষ কথা-বতৰা হৈছিল বিগত বৰ্ষৰ এপ্ৰিল মাহত।যোৱা বছৰৰ ২৩ এপ্ৰিলৰ কোনো এক ক্ষণত কঁপা কঁপা মাতেৰে কাণত মোবাইল গুজি নিসংগ হৈ পৰা মাতৃয়ে ঋতুৰাজক কৈছিল, 'বাবা আৰু অকলে থাকিব নোৱাৰা হৈছো। তুমি মোক তোমাৰ ওচৰলৈ লৈ যোৱা, নহ'লে ইয়াতে কোনো এখন বৃদ্ধাশ্ৰমত মোক থকাৰ ব্যৱস্থা কৰি দিয়া।’

মাকৰ কথা শুনি পুত্ৰ ঋতুৰাজে কৈছিল, "মা, তুমি মাত্ৰ কেইদিনমান ধৈৰ্য্য ধৰা। মই অতি সোনকালে তোমাৰ লগত একেলগে থাকিবলৈ যাম।"

পুত্ৰ ঋতুৰাজে 'অতি সোনকালে’ প্ৰায় ডেৰ বছৰ পিছত মাকক দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈ ভাৰতলৈ আহিল। কিন্তু পুত্ৰৰ লগত জীৱন কটাবলৈ মাক জীয়াই নাথাকিল। বিদেশত ডাঙৰ মানুহ হোৱা ল’ৰাৰ মাক আশা সাহানীৰ কেতিয়া কেনেকৈ মৃত্যু হ'ল সেয়া পৰুৱা এটায়ো গমকে নাপালে।

যোৱা ৬ আগষ্টৰ পুৱা পুত্ৰ ঋতুৰাজে বিমানবন্দৰৰ পৰা শৈশৱ-কৈশোৰ পাৰ কৰা ঘৰটোৰ সমুখ পোৱাৰ পিছতে অতীতলৈ উভতি যায়। তেওঁৰ দুচকুত ভাহি উঠে মাতৃয়ে স্কুললৈ হাতত ধৰি লৈ যোৱাৰ দৃশ্য। মনত ভাহি উঠে আমেৰিকালৈ ডাঙৰ মানুহ হ’বলৈ যাওতে শেষবাৰৰ বাবে বিমান বন্দৰত থৈ আহি মাকে বহুসময় ধৰি জোকাৰি থকা হাতখনলৈ।

অতীত স্মৃতি ৰোমন্থন কৰি কোন মুহূৰ্তত তেওঁ সেই হেঁপাহৰ কোঠাটোৰ দুৱাৰমুখত ভৰি থৈছিল গমকে পোৱা নাছিল। বন্ধ দুৱাৰখনৰ সমুখত থকা কলিং বেলটো দেখিহে তেওঁৰ সম্বিৎ ঘূৰি আহে। কলিং বেল টিপি মাকক সাবতি ধৰিবলৈ বুলি দুৱাৰমুখতে থিয় হৈ ৰ’ল ঋতুৰাজ। ৫ মিনিট, ১০ মিনটকৈ কেবা মিনিটো পাৰ হৈ গ’ল যদিও মাকে দুৱাৰখন খুলি নিদিলে। অৱশেষত লৰা-ঢপৰাকৈ আন মানুহৰ সহায় লৈ দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰে তেওঁ। ভিতৰত প্ৰৱেশ কৰিয়েই চিনাকি ছোফাখনত বহি থকা এটি কংকাল প্ৰত্যক্ষ কৰি তেওঁ বুজি উঠে যে মাকক লগ কৰিবলৈ অহাতো বহু সোনকাল হ’ল।

দহ মহলীয়া অট্টালিকাটোৰ একেবাৰে ওপৰত থকা বৃহৎ ফ্লেটত অকলশৰে বাস কৰিছিল আশা সাহানী। যিহেতু অট্টালিকাটোৰ দহ মহলাত থকা দুয়োটা  ফ্লেটেই সাহানী পৰিয়ালৰেই আছিল সেয়ে আশা সাহানীৰ মৃতদেহৰ পৰা ওলোৱা দুৰ্গন্ধ কোনেও পোৱা নাছিল। কিন্তু কোনো ঘৰুৱা কামকৰা মানুহ নাইবা ওচৰ-চুবুৰীয়াইয়ো আশা সাহানীয়ে যে ইমান দিন বাহিৰলৈ ওলোৱা নাছিল সেই কথাটো কিয় এবাৰলৈও মন কৰা নাছিল তাক লৈ বিমোৰত পৰা আৰক্ষীয়ে ঘটনাটোত ৰহস্য থাকিব পাৰে বুলি মন্তব্য কৰিছে। 

পুত্ৰই ২০১৬ চনৰ এপ্ৰিলত শেষবাৰৰ বাবে কথা পতা বুলি কোৱাৰ পৰাই স্পষ্ট হৈ পৰে যে তেওঁ মাতৃৰ সৈতে কিমান সম্পৰ্ক বজাই ৰাখিছিল। মাক আশা সাহানীয়ে পুত্ৰ ঋতুৰাজক অকলে চলা-ফুৰা কৰিব নোৱাৰো আৰু অকলে থাকিব নোৱাৰো বুলিও কৈছিল। কোটি ডলাৰ উপাৰ্জন কৰা সন্তানৰ মাতৃ আৰু ৭ কোটি টকা মূল্যৰ ফ্লেটত বাস কৰা আশা সাহানীয়ে কি পৰিস্থিতিত অতি অসহায়ভাৱে আৰু অতি অকলশৰীয়াকৈ মৃত্যুবৰণ কৰিবলগীয়া হ'ল? কংকালটো প্ৰত্যক্ষ কৰা লোকসকলে ৬৩ বছৰীয়া এই মহিলাগৰাকীৰ মৃত্যু ভোক আৰু পিয়াহৰ কাৰণেই হোৱা বুলি ক'ব খোজে।

মুম্বাইৰ আন্ধেৰী অঞ্চলৰ লোখন্দৱালা এলেকাৰ মহিলাগৰাকীৰ এই কৰুণ মৃত্যুৰ পিছত বহুতেই পশ্চিমীয়া সভ্যতাৰ কিছুমান কু-ফলে ভাৰতীয় সভ্যতাৰ দুৱাৰতো টুকুৰিয়াইছে বুলি মন্তব্য কৰিছে। কলম্বিয়া বিশ্ববিদ্যালয়ৰ এক সমীক্ষা অনুযায়ী অকলশৰে নিজৰ মৃত্যুলৈ অপেক্ষা কৰাটোৱেই হৈছে এই শতিকাৰ আটাইতকৈ ভয়াৱহ ৰোগ তথা অত্যাধুনিক জীৱনশৈলীৰ অন্যতম ট্ৰেজেডী। যদি ৰুগীয়া, বৃদ্ধা মাতৃৰ কৰুণ আহ্বান শুনিও গম্ভীৰ ভাৱে নোলোৱাজনো নিজৰেই একমাত্ৰ পুত্ৰই হয় তেন্তে এনে ভোগবাদী সমাজ এখনৰ পৰা আমিনো আৰু কি আশা কৰিব পাৰো?

আশা সাহানীৰ মৃত্যুৱে আমাক সকীয়াই থৈ গ'ল যে আমাৰ দেশতো সামাজিক সম্পৰ্কবোৰ লাহে লাহে শিথিল হৈ গৈ আছে। এতিয়া জোৰ পুৰি হাত পালে। ভাৰতীয় সংস্কৃতি বুলি এতিয়া আৰু একো বাকী নাই। সকলোৱে যেন ভোগৱাদী জীৱনশৈলীৰ ওচৰত অসহায়ভাৱে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈ পৰিছে।

শেহতীয়া সংযোজনঃ indianexpress.comত প্ৰকাশিত শেহতীয়া এক বাতৰিত আৰক্ষীৰ অনুসন্ধানৰ উধৃতি দি কোৱা হৈছে যে, আশা সাহানী আছিল অতি সন্দেহপৰায়ণ মহিলা। স্বামীৰ মৃত্যুৰ পিছত নিসংগ হৈ হৈ তেওঁ ইমানেই সন্দেহপৰায়ণ হৈ উঠিছিল যে কাম কৰা লোকসকলক তেওঁ সন্দেহৰ চকুৰে চাইছিল। সেয়ে আগতে কাম কৰা সকলোৱে ঘৰটোলৈ আহিবলৈ বন্ধ কৰি দিছল। ওচৰ-চুবুৰীয়াৰ সৈতেও তেওঁৰ আছিল তিক্ততাপূৰ্ণ সম্পৰ্ক। অসামাজিক মানুহগৰাকীয়ে কোনো লোককে ভালকৈ মাত-বোল কৰা নাছিল। যাৰ বাবে ওচৰ-চুবুৰীয়াসকলে খবৰ লোৱাৰ প্ৰয়োজনীয়তাবোধ কৰা নাছিল।

অট্টালিকাটোৰ পৰিচালনা সমিতিও মহিলাগৰাকীক লৈ অসন্তুষ্ট আছিল। বহুদিন ধৰি মহিলাগৰাকীক নেদেখি বিগত বৰ্ষতে পুত্ৰৰ সৈতে যোগাযোগ কৰি কোনো বৃদ্ধাশ্ৰমত আছে নেকি বুলি সুধিছিল। পুত্ৰই নাজানো বুলি কোৱাত নিৰুদ্দেশ হোৱা বুলি ধৰি লৈছিল। পুত্ৰয়ো সোনকালৈ গৈ আছো বুলি কোৱাত তেওঁলোকে আৰক্ষীক মহিলাগৰাকী নিৰুদ্দেশ হোৱা বুলি অৱগত কৰি বিষয়টো বাদ দিছিল।

আৰক্ষীয়ে বিল্ডিংটোত উপস্থিত হৈ ছিকিউৰিটি গাৰ্ডৰ ভাষ্য লৈয়েই দায়িত্ব সামৰিছিল। ছিকিউৰিটি গাৰ্ডজনে বৃদ্ধা মহিলাগৰাকী কোনো বৃদ্ধাশ্ৰমলৈ গুচি যোৱা বুলি জনোৱাৰ পিছতে অনুসন্ধান সিমানতে সামৰিছিল। বিজুলী বিল সময়মতে নিদিয়া বাবেও বিগত বৰ্ষতে পৰিচালনা সমিতিয়ে কৰ্তন কৰিছিল মহিলাগৰাকীৰ বিদ্যুতত সংযোগ। ইফালে তালাচী চলাই মহিলাগৰাকীৰ কোঠাত তেওঁৰ মৃত্যুৰ বাবে কোনো দায়ী নহয় বুলি লিখি থোৱা নোট এটা উদ্ধাৰৰ পিছত ঘটনাটো আত্মহত্যা বুলি নিশ্চিত কৰিছে মুম্বাই আৰক্ষীয়ে। পৰিচালনা সমিতিয়ে তেওঁলোকক পূৰ্বতে নিৰুদ্দেশ সম্পৰ্কীয় কোনো ঘটনাৰ বিষয়ে অৱগত কৰোৱাৰ কথাটোও অস্বীকাৰ কৰে।