ডিজিটেল ডেস্কঃ এইবাৰ যাত্ৰীক নহয় বিমান সেৱাৰ পৰিচালকক যাত্ৰীয়ে চৰিয়ালে। বিমানবন্দৰত এয়াৰ ইণ্ডিয়াৰ ডিউটি মেনেজাৰক চৰালে এগৰাকী মহিলা যাত্রীয়ে। ওলোটাই চৰ শোধালে এয়াৰ ইণ্ডিয়াৰ কর্মীও। এই ঘটনাৰ সাক্ষী হৈ ৰল দিল্লীৰ ইন্দিৰা গান্ধী আন্তর্জাতিক বিমানবন্দৰ।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, পলমকৈ উপস্থিত হোৱা আহমেদাবাদ যাবলগীয়া এগৰাকী মহিলা যাত্রীক বিমানত উঠাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰোতেই এই ঘটনাৰ সূত্রপাত হয়।

এয়াৰ ইণ্ডিয়াৰ মুখপাত্রই জনায় যে, এগৰাকী কাউন্টাৰ ষ্টাফে মহিলা যাত্রীএগৰাকীক বিমানত উঠাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰি বিমান এৰিবৰ সময় হোৱা বুলি কয়। 

ইয়াৰ পিছত কাউন্টাৰ ষ্টাফে যাত্ৰী গৰাকীক এগৰাকী ডিউটি মেনেজাৰ লগত তথা পাতিবলৈ দিয়ে৷ ডিউটি মেনেজাৰো এগৰাকী মহিলা আছিল৷ আৰু ইয়াৰ পিছতেই দুয়োগৰাকীৰ মাজত আৰম্ভ হয় কথাৰ কটাকটি৷

কথাৰ মাজতেই খঙত ক’ব নোৱাৰা হৈ মহিলা যাত্ৰীগৰাকীয়ে চৰ মাৰে মেনেজাৰক৷ মেনজাৰগৰাকীয়ে প্ৰথমে ভদ্ৰ সহকাৰে কথা পাতি আছিল কিন্তু পিছত যাত্ৰীগৰাকীয়ে চৰ মৰাত তেৱোঁ ওলোটাই চৰ শোধাই যাত্ৰীগৰাকীক ৷ চৰ খাই আৰক্ষীক খবৰ দিয়ে যাত্ৰীগৰাকীয়ে৷ শেষত গৈ দুয়োজনেই ইজনে সিজনক ক্ষমা বিচাৰি ঘটনাটোৰ মিমাংসা কৰে।