নগাঁওঃ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা মাৰাত্মক কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰাৰ অৰ্থে চৰকাৰে জাৰি কৰা লকডাউনত সমগ্ৰ ৰাজ্যৰ দৰে নগাঁও জিলাটো জনজীৱন স্তব্ধ হৈ পৰিছে৷ দীৰ্ঘদিনীয়া এই লকডাউনৰ ফলত প্ৰায় প্ৰতিটো পেছাৰ সৈতে জড়িত লোকসকল ব্যাপক সমস্যাৰ সন্মুখীন হৈছে৷

বিশেষকৈ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ ঘটিছে। সৰু সৰু ব্যৱসায়েৰে নিজৰ পৰিয়াল পোহপাল দিয়া এই ব্যৱসায়ীসকল লকডাউনৰ ফলত বৃহৎ আৰ্থিক সংকটৰ সন্মুখীন হৈ দিকবিদক হেৰুৱাই পেলাইছে। 

জিলাখনৰ বেবেজীয়া, দক্ষিণপাট, ঘাঁহী, ম’হমৰীয়া, হাতীগড়, ডিমৌ, হাতীচোং, জাজৰি, ৰাইদঙীয়া, চকলাঘাট, কাছমাৰী, ডিমৌ, বটদ্ৰৱা, ধিং, ধূপগুৰি, কদমনি, টুকটুকী, বৰিবজাৰ, শিলপুখুৰী আদি গ্ৰামাঞ্চলৰ বহুসংখ্যক লোক ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ৰ লগত জড়িত৷ স্থানীয় বিভিন্ন ছ’চাইটি, বন্ধন বেংক তথা আন বিভিন্ন উৎসৰ পৰা টকা ঋণ লৈ ইয়াৰে বহু সংখ্যকে ক্ষুদ্ৰ ব্যৱসায়েৰে কোনোমতে জীৱিকা নিৰ্বাহ কৰি আহিছে৷ 

কিছুমানে তামোল-পাণ, ষ্টেছ’নাৰী, কাপোৰ, গেলামাল, মাছ, মাংস, পাচলি আদি বিভিন্ন প্ৰকাৰৰ সামগ্ৰীৰ বিপৰীতে আন কিছুমানে তিনিআলি-চাৰিআলি বা স্থানীয় বজাৰত সন্ধিয়া ভাগত বুট, পকৰী, ঘূগনী, চাহকে ধৰি বিভিন্ন খাদ্যবস্তু অস্থায়ীভাৱে বিক্ৰী কৰি কোনোমতে দুবেলা-দুমুঠি পেটৰ ভাত মোকলাই অহাৰ লগতে ঋণ লোৱা ধন সপ্তাহে-পষেকে পৰিশোধ কৰি আহিছিল৷ 

কিন্তু লকডাউনৰ বাবে ব্যৱসায়-বাণিজ্য সম্পূৰ্ণৰূপে বন্ধ হৈ থকাত এইসকল ক্ষুদ্ৰ ব্যৱসায়ী এতিয়া ব্যাপক আৰ্থিক সংকটৰ সন্মুখীন হৈছে৷ বিগত এমাহৰো অধিক সময় ধৰি অব্যাহত থকা লকডাউনে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ আৰ্থিক অৱস্থা অতি শোচনীয় কৰি তোলাত এই সকলে সাপ্তাহিক ঋণ, সূদ বা ধাৰলৈ অনা টকা পৰিশোধ কৰিব নোৱাৰি চৰম হতাশাত ভূগিছে। 

আনকি পেটৰ ভাতমুঠিৰ সমান্তৰালকৈ সাপ্তাহিক ধাৰ-ঋণ আদি পৰিশোধ কৰিব নোৱাৰাৰ বাবে ইয়াৰ পৰিমাণ বাঢ়ি গৈ থকাত এইসকল দুৰ্ভগীয়া লোক মানসিকভাৱে ভাগি পৰিছে৷ এনে পৰিপ্ৰেক্ষিতত লকডাউনৰ ফলত আৰ্থিকভাৱে চৰম দুৰ্যোগৰ সন্মুখীন হোৱা এইসকল ক্ষুদ্ৰ ব্যৱসায়ীৰ প্ৰতি চৰকাৰে এতিয়া কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব৷