ডিজিটেল ডেস্কঃ ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালী বান্ধি সাজু হৈ উঠিছে দেশৰ অন্যতম ৰাজনৈতিক দল কংগ্ৰেছে৷ নতুন দিল্লীত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৮৪সংখ্যক কংগ্ৰেছ মহাধিৱেশন৷ দিল্লীৰ ইন্দিৰা গান্ধী ইন্দ’ৰ ষ্টেডিয়ামত পতাকা উত্তোলন আৰু ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ জৰিয়তে মহাধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হয়৷ 

মহাধিৱেশনৰ প্ৰথম দিনা হাজাৰ হাজাৰ দলীয় কাৰ্যকৰ্তাৰ উৎসাহভৰা উপস্থিতিৰ পৰিলক্ষিত হয়৷ কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে অধিৱেশনৰ আদৰণি ভাষণ প্ৰদান কৰে৷   

    
মহাধিৱেশনত ইউপিএৰ প্ৰাক্তন অধ্যক্ষা ছোনিয়া গান্ধীয়ে অংশগ্ৰহণ কৰি কয়, মই দলৰ নতুন অধ্যক্ষ ৰাহুল গান্ধীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে শুভকামনা জনাইছোঁ৷ ৰাহুল গান্ধীয়ে বহুত প্ৰত্যাহ্বান নেওচি নিজৰ দায়িত্ব পালন কৰি আহিছে৷ আমি সকলোৱে মিলিজুলি তেওঁৰ কামত সহায় কৰা উচিত৷ 

তেওঁ লগতে কয়, আমি এতিয়া নিজৰ অভিপ্ৰায় পূৰণত ব্যস্ত থাকিলে নহ’ব৷ দলৰ হৈ কাৰ্যকৰ্তাসকলে কি কি কাম কৰিছে তাৰ প্ৰতিহে চকু দিব লাগে৷ অামি কিদৰে দলক বিজয়ৰ জৰিয়তে উচ্চ শিখৰলৈ লৈ যাব পাৰোঁ তাৰ প্ৰতি সকলোৰে লক্ষ্য হোৱাটো উচিত বুলি মতপোষণ কৰে প্ৰাক্তন অধ্যক্ষা গৰাকীয়ে৷ 

ইয়াৰোপৰি গান্ধীয়ে কয়, কংগ্ৰেছ মাত্ৰ এটা ৰাজনৈতিক দলেই নহয়৷ কংগ্ৰেছৰ ওপৰত সম্পূৰ্ণ ভাৰতীয় সংস্কৃতি ন্যস্ত হৈ আছে৷ কংগ্ৰেছে পুনৰ দেশত সেই পাৰ্টি হৈ উঠিব, যিয়ে দেশৰ কাৰ্যক্ৰমণিকা প্ৰস্তুত কৰে৷ দেশৰ বিভিন্ন দলক অনুপ্ৰেৰণা যোগাব পাৰে৷ গান্ধীয়ে লগতে, কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ পৰা এনে এক ফলাফল লাভৰ আশা পোষণ কৰিছে, যিয়ে দেশৰ ৰাজনৈতিক সমীকৰণ সলনি কৰি দিব পাৰে৷ 

ছোনিয়াই লগতে কয়, দলৰ জয় মানে সকলোৰে জয়৷ আমাৰ জয় মানেই দেশৰ জয়৷ আমি এতিয়া দলক কিদৰে শক্তিশালী ৰূপত গঢ়ি তুলিব পাৰোঁ তাৰ প্ৰতি গুৰুত্ব দিয়াটো প্ৰয়োজন৷ কংগ্ৰেছ এনে এটা দল, যিয়ে সকলো শ্ৰেণীৰ লোকক লগত লৈ আগুৱাই যায়৷ আমাৰ দলৰ প্ৰতি বৰ্তমানেও দেশৰ লোকসকলৰ হৃদয়ত সন্মান তথা মূল্যবোধ পুঞ্জীভূত হৈ আছে৷

তদুপৰি ছোনিয়াই ৰাজনৈতিক জগতখনত কিদৰে প্ৰৱেশ কৰিছিল তাকো ভাষণত উল্লেখ কৰে ৷ গান্ধীয়ে কয়, ৰাজনীতিত মোৰ প্ৰৱেশৰ কাৰণ নিশ্চয় সকলোৰে জ্ঞাত৷ পৰিস্থিতিৰ দাস হৈ মই এই সামাজিক ক্ষেত্ৰৰ সৈতে জড়িত হৈ পৰিলোঁ৷ মই ৰাজনৈতিক জগতখনলৈ কেতিয়াও আহিব বিচৰা নাছিলোঁ, কিন্তু যেতিয়াই উপলব্ধি কৰিব পাৰিলো যে, দলৰ স্থিতি বিপদজনক৷ 

তাৰ পৰিপ্ৰেক্ষিততেই মই মানুহৰ ভাৱধাৰাক অনুধাৱণ কৰি দলৰ নেতৃত্ব বহন কৰিবলৈ ল’লো৷ আপোনালোকৰ সকলোৰে সহায়-সহযোগিতা তথা সন্মানে মোক শক্তি প্ৰদান কৰিলে৷ অতি কষ্টৰ জৰিয়তে ১৯৯৮-২০০৪ চনলৈকে আমি দেশৰ বিভিন্ন ৰাজ্যত চৰকাৰ গঠন কৰাৰ লগতে দলক মজবুত স্থিতিত উপনীত কৰালোঁ৷ যিয়ে দলৰ কাৰ্যকৰ্তাসকলৰ মনোবল বৃদ্ধিত সহায়ক হৈ পৰিছিল৷      

ছোনিয়া গান্ধীয়ে মোডী চৰকাৰক বিৰোধীতা কৰি কয়, ‘ওনকা ন খাউংগা, ন খানে দুংগা, বাদা চিৰ্ফ ড্ৰামেবাজী হে’৷ তেওঁ লগতে কয়, মনমোহন সিঙৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে দেশৰ অৰ্থব্যৱস্থাক দ্ৰুতগতিত আগুৱাই লৈ গৈছিল৷ যাৰ বাবে দেশৰ আৰ্থিক বৃদ্ধিৰ পৰিমাণ বৰ্তমানেও উচ্চ স্তৰতে আছে৷ আমি বহুতো ঐতিহাসিক আৰু বৈপ্লৱিক আঁচনিৰ ৰূপায়ণ কৰিছিলোঁ৷ যিবোৰে দেশৰ কোটি কোটি জনতাক উপকৃত কৰিছিল৷ 

কিন্তু বৰ্তমানৰ মোডী চৰকাৰে আমাৰ দিনত সফলভাৱে ৰূপায়ণ হৈ থকা আঁচনিসমূহ বৰবাদ কৰি আহিছে৷ আঁচনিসমূহ কমজোৰ কৰি তুলিছে৷ মোডী চৰকাৰে বৰ্তমান যিবিলাক অহিতৈষীমূলক কাম কৰি আহিছে, তাৰ বিৰুদ্ধে কংগ্ৰেছে সদায়    
যুঁজি যাব বুলি হুংকাৰ দিয়ে ছোনিয়া গান্ধীয়ে৷ ইয়াৰ লগতে গান্ধীয়ে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোডীক ভালকৈ এশিকনি দিব লাগিব বুলি কয়৷