Sonu Nigam, Photo from Internet
Sonu Nigam, Photo from Internet

ডিজিটেল ডেস্কঃ জনপ্ৰিয় গায়ক ছনু নিগমৰ এটি টুইটক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে ছ’চিয়েল মিডিয়া। টুইটত ছনুৱে লিখিছে, 'মই মুছলমান নহয়। তাৰ পিছতো পুৱাই পুৱাই আজানৰ শব্দত মোৰ টোপনি ভাঙে। ভাৰতত কেতিয়া ধৰ্মক লৈ এনে জোৰ-জবৰদস্তি বন্ধ হ’ব?’ এই টুইটৰ পিছতে তীব্ৰ সমালোচনাৰ সন্মুখীন হয় শিল্পীগৰাকী।

আজানতে সীমাৱদ্ধ নাথাকি মন্দিৰ আৰু গুৰুদ্বাৰত লাউডস্পীকাৰ ব্যৱহাৰতো তীব্ৰ আপত্তি জনায় ছনু নিগমে।

তেওঁ টুইটত লিখিছে, 'মহম্মদে যেতিয়া ইছলাম ধৰ্ম প্ৰৱৰ্তন কৰিছিল, তেতিয়া বিদ্যুতৰ ব্যৱস্থা নাছিল। তাৰ পিছতো পুৱাই পুৱাই কিয় মই এনে কৰ্কশ শব্দ শুনিবলগীয়া হয়? মছজিদেই নহয় মন্দিৰ আৰু গুৰুদ্বাৰতো এতিয়া লাউডস্পীকাৰ ব্যৱহাৰৰ উৎপাত বাঢ়িছে। মুঠৰ ওপৰত যিসকল ধৰ্ম বিশ্বাসী নহয়, সেই সকলক এই কৰ্কশ শব্দ শুনাই নিদ্ৰা হৰণ কৰাৰ পক্ষপাতী মই নহয়। তেনেহ’লে এইবোৰ ধৰ্মৰ নামত কি? সত্য কথা ক’বলৈ গ’লে এয়া ধৰ্মৰ নামত গুণ্ডামিৰ বাহিৰে আন একোৱেই নহয়।’

ধৰ্মীয় বিষয় সন্দৰ্ভত কৰা এনে মন্তব্যৰ কেই মিনিটমান পিছতে টুইটাৰত ছনু নিগমৰ বিৰুদ্ধে সৰৱ হৈ পৰে অধিকাংশ ইছলাম ধৰ্মাৱলম্বী লোক।

আন ধৰ্মৰ লোকসকলেও ধৰ্মৰ বিষয়ে কোনো ধৰণৰ মন্তব্য নকৰিবলৈও সকীয়াই দিয়ে শিল্পীগৰাকীক। ইফালে একাংশ যুক্তিবাদী লোকে ছনু নিগমৰ এনে মন্তব্যত সত্যতা আছে বুলি মন্তব্য কৰি ছনু নিগমৰ প্ৰতি সমৰ্থন আগবঢ়োৱা পৰিলক্ষিত হৈছে।