ডিজিটেল ডেস্কঃ দক্ষিণ এছিয়াৰ ৬ খন দেশৰ যোগাযোগৰ ক্ষেত্ৰখনত যুগান্তকাৰী পদক্ষেপ হিচাপে বিবেচিত হ’বলগা ৪৫০ কোটি টকাৰ দক্ষিণ এছিয়া ছেটেলাইট (GSAT-9) নামৰ কৃত্ৰিম উপগ্ৰহটো আজি সফলতাৰে প্ৰক্ষেপণ কৰা হয়। জিঅ’চিনক্ৰনাছ ছেটেলাইট ভেহিকল লান্সাৰেৰে আবেলি ৪.৫৭ মিনিটত শ্ৰীহৰিকোটাৰপৰা উৎক্ষেপণ কৰা হয়। 

সফল প্ৰক্ষেপণক লৈ আনন্দত উৎফুল্লিত হৈ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই পদক্ষেপক ঐতিহাসিক আখ্যা দি নিৰবিচ্ছিন্নভাৱে কাম কৰি থকা বিজ্ঞানীসকলৰ অধ্যবসায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। নেইবাৰ ফাৰ্ষ্ট পলিচিৰ এক অংশ হিচাপে কমিউনিকেশ্যন ছেটেলাইটটো দক্ষিণ এছিয়াৰ ৬খন দেশৰ বাবে উপহাৰ হিচাপে আগবঢ়োৱা হৈছে বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। 

১২ বছৰলৈকে কাম কৰিবলগা ২২৩০ কিলোগ্ৰামৰ এই ছেটেলাইটটোৱে ভাৰত, নেপাল, ভুটান, বাংলাদেশ, মানদাভিচ, শ্ৰী লংকা আৰু আফগানিস্থানৰ মাজত টেলিকমিউনিকেশ্যনৰ ক্ষেত্ৰখনত যোগাযোগৰ উন্নতি সাধন কৰিব। ইয়াৰ বাবে ১২ বছৰৰ বাবে দেশবোৰে দিব লাগিব ৯৬ কোটি টকা। 

উল্লেখ্য যে পু্ৰ্বতে ছাৰ্ক ছেটেলাইট নাম দিয়া ছেটেলাইটটোৰ নাম পিছলৈ দক্ষিণ এছিয়া ছেটেলাইট কৰা হয়। পাকিস্তান ছাৰ্কৰ সদস্যভূক্ত হোৱা বাবেই নাম সলাই দিয়া হয়। তিনি বছৰ পূৰ্বেই ছাৰ্কৰ সদস্যৰাষ্ট্ৰসমূহৰ দেশসমূহৰ বাবে ছেটেলাইট নিৰ্মাণৰ কাম কৰাৰ ঘোষণা কৰিছিল নৰেন্দ্ৰ মোদীয়ে। 

এই প্ৰকল্পটোত দেশৰ ৫০ জন বিশিষ্ট মহাকাশ বিজ্ঞানীয়ে এই কাম কৰিছিল। চাৰিটা হাতীৰ সমান ওজনৰ এই ছেটেলাইটটোৱে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত দেশসমূহৰ মাজত যোগাযোগ ৰক্ষা কৰাত সহায় কৰিব।