Image Address: https://cdn.images.express.co.uk/img/dynamic/151/590x/laser-space-debris-905537.jpg
Image Address: https://cdn.images.express.co.uk/img/dynamic/151/590x/laser-space-debris-905537.jpg

Newsnextone | ডিজিটেল ডেস্কঃ বিভিন্ন উপগ্ৰহৰ লগতে সৌৰজগতত কৃত্ৰিম উপগ্ৰহয়ে পৃথিৱীৰ চাৰিওকাষে পৰিভ্ৰমণ কৰি ফুৰে৷ কিন্তু তাৰ ভিতৰত সকলো কৃত্ৰিম উপগ্ৰহ সক্ৰিয় নহয়৷ ধাতুৰে প্ৰস্তুত কৰি উলিওৱা এনে উপগ্ৰহসমুহক পঠিওৱা হয় বিভিন্ন কামত৷ কালক্ৰমত এই কৃত্ৰিম উপগ্ৰহসমূহৰ কিছুমান সক্ৰিয় হৈ থাকে আন কিছুমান হেৰাই যায়৷ এনে ধাতৱীয় উপগ্ৰহসমূহৰ পৰা বিষাক্ত আৱৰ্জনা নিৰ্গত হোৱাৰ কথা সততে আলোচনা হৈ আহিছে৷ 

১৮৫৭ চনত ৰাছিয়াই স্পুটনিক প্ৰক্ষেপণ কৰাৰ পিছৰে পৰা বিগত ছটা দশকত মহাকাশ অভিযানৰ অংশ হিচাপে অনেক কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ পঠিওৱা হৈছে। মহাকাশৰ এই কৃত্ৰিম উপগ্ৰহসমুহে বহিৰাগত বিপদজনক ছবি তোলাৰ লগতে বিভিন্ন তথ্যৰ খবৰ দিয়াত সহায় কৰে৷ এই উপগ্ৰহসমূহক পুনৰ ঘূৰাই অনা নহয়৷ সৌৰজগতত পৰিভ্ৰমণ কৰি থকা এই উপগ্ৰহ সমূহৰ পৰা টুকুৰাবোৰ ভাঙি অাহিছে৷ বিভিন্ন জলীয় বাষ্প, ধূলিকণাবোৰ টুকুৰাৰ লগত ঘৰ্ষণ হোৱাৰ ফলত সৃষ্টি হৈছে আৱৰ্জনা৷ এইবোৰ সক্ৰিয় কৃত্ৰিম উপগ্ৰহৰ বাবে ক্ষতিকাৰক৷ 

জাৰ্মানৰ সংবাদ সংস্থাই এই বিষয়ত এক গুৰুত্বপূৰ্ণ প্ৰতিবেদন আগবঢ়াইছে৷ আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰই যোৱা ১৪ বছৰৰ পৰা পৃথিৱী পৰিভ্ৰমণ কৰি আছে৷ লগতে ভূপৃষ্ঠৰ পৰা ৪০০ কিলোমিটাৰ উচ্চতাত ঘন্টাত ২৮ হাজাৰ কিলোমিটাৰত গতি কৰিছে বুলি কয় জাৰ্মান সংবাদে মাধ্যমে। 

চেটেলাইটৰ ভাঙি অহা মাইক্রো-মেটেওৰাইট’ৰ টুকুৰাবোৰ আটাইতকৈ ক্ষতিকাৰক বস্তু৷ এনে ভঙা-চিঙা টুকুৰাৰ সৈতে বায়ুমণ্ডলীয়া ঘৰ্ষণৰ ফলত সৃষ্টি হোৱা বাষ্পকণাই মহাকাশত অবাধে বিচৰণ কৰি ফুৰিছে। মহাকাশত সৃষ্টি হোৱা এই আৱৰ্জনাবোৰক প্ৰতিৰোধ কৰাৰ বৈজ্ঞানিক বা সংস্থাই পাৰদৰ্শিতা দেখুৱাব পৰা নাই। আনহাতে পৃথিৱীৰ মধ্যাকৰ্ষণে কৃত্ৰিম উপগ্ৰহ সমূহক ধৰি ৰাখিছে৷ কিন্তু উপগ্ৰহসমূহত নিহিত হৈ থকা শোষণ প্ৰক্ৰিয়া শেষ হোৱাৰ পাছত অাৱৰ্জনাৰ পৰিমাণ ক্ৰমান্বয়ে বৃদ্ধি পাব৷ 

মহাকাশত কৃত্ৰিম উপগ্ৰহৰ পৰা প্ৰায় ২৮ হাজাৰ ধৰণৰ টুকুৰা পৃথিৱীৰ কক্ষত গতি কৰি ফুৰিছে৷ টুকুৰাবোৰ পৰস্পৰৰ ঘৰ্ষণৰ ফলত হ’বলগীয়া ঘটনা মানুহৰ কল্পনাৰো অগোচৰ৷ আনহাতে ইন্টাৰনেট, ম’বাইল, দূৰদৰ্শন চোৱাৰ সুবিধা কৃত্ৰিম উপগ্ৰহসমূহৰ বাবে সম্ভৱপৰ হৈছে৷ শেহতীয়াকৈ জানিব পৰা মতে কৃত্ৰিম উপগ্ৰহসমূহক ভৱিষ্যতে নিজ কক্ষপথৰ পৰা ধৰি ৰখাটো কঠিন হ’ব৷