নতুন দিল্লী/গুৱাহাটীঃ লকডাউনৰ চাৰিটাকৈ পৰ্যায়ৰ পিছত আজিৰে পৰা দেশত আৰম্ভ হৈছে আনলক-১। এই আনলক-১ৰ প্ৰথম দিনটোতে কৰ’না আক্ৰান্তৰ সংখ্যাই ৰচিছে আন এক অভিলেখ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ সূত্ৰই সদৰী কৰা মতে যোৱা ২৪ ঘণ্টাত দেশত কৰ’নাত আক্ৰান্ত হৈছে ৮ হাজাৰ ৩৩২ জন লোক।

নতুনকৈ ৮ সহস্ৰাধিক লোক আক্ৰান্ত হোৱাৰ ফলত দেশত এই পৰ্যন্ত কৰ’নাত আক্ৰান্ত হোৱা মুঠ লোকৰ সংখ্যা হৈছেগৈ ১ লাখ ৯০ হাজাৰ ৫৩৫ জন। ইয়াৰ ভিতৰত কেৱল মহাৰাষ্ট্ৰতেই আক্ৰান্ত হৈছে ৬৫ হাজাৰৰো অধিক লোক। এনেদৰে ব্যাপক হাৰত হোৱা সংক্ৰমণৰ ফলত বিশ্বৰ প্ৰথম দহখন কৰ’না আক্ৰান্ত দেশৰ ভিতৰত সপ্তম স্থান পাইছে ভাৰতে।

শ্ৰমিক ৰেলকে আদি কৰি একাধিক ব্যৱস্থা কৰা সত্বেও প্ৰায় দুমাহযোৰা লকডাউনৰ ফলত ভোকে-পিয়াহে ভিন্ন ৰাজ্যত আৱদ্ধ হৈ থকা প্ৰবাসী শ্ৰমিকসকল আজি পুনৰ ঘৰমুৱা হ’বলৈ আৰম্ভ কৰিছে। এইসকল শ্ৰমিকৰ প্ৰায় প্ৰতিজনৰে স্ক্ৰিণিং আৰু টেষ্টৰ ব্যৱস্থা কৰিছে প্ৰশাসনে। ফলত শ্ৰমিকসকলৰ মাজতো ক্ৰমাৎ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা।

চৰকাৰী তথ্য অনুযায়ী যোৱা ২৪ ঘণ্টাত কৰ’নাত সমগ্ৰ দেশতে মৃত্যু হৈছে ২৩০ জনকৈ লোকৰ। দেশত ৰোগবিধত এতিয়ালৈকে মৃত্যু ঘটিছে ৫৩৯৪ জন ৰোগীৰ। অৱশ্যে ইয়াৰ মাজতে সুস্থ হৈ ঘৰলৈ উভতিছে ৮৬ হাজাৰ ৯৮৪ জন কৰ’না আক্ৰান্ত। সম্প্ৰতি দেশৰ ভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৯১ হাজাৰ ৮১৯ জন কৰ’না আক্ৰান্ত লোক।

ইফালে, অসমতো হোৰাহোৰে বৃদ্ধি পাইছে কৰ’না আক্ৰান্ত লোকৰ সংখ্যা। এই বাতৰি যুগুতোৱা পৰ্যন্ত ৰাজ্যখনত কৰ’নাত আক্ৰান্ত হৈছে ১৩৮৪ জন লোক। আক্ৰান্তসকলৰ সৰহসংখ্যাকেই হৈছে বহিঃৰাজ্যৰ পৰা অহা অসমীয়া। বহিঃৰাজ্যত কৰ্মৰত এইসকল লোক অসমলৈ অহাৰ লগে লগে চৰকাৰী নিয়মৰ মাজেৰে কোৱাৰেণ্টাইন চেণ্টাৰত ৰাখি টেষ্ট কৰোতে কৰ’না পজিটিভ ধৰা পৰিছে বুলি চৰকাৰী সূত্ৰই সদৰী কৰিছে।

স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দিনৰ প্ৰায় ১২ বজাত কৰা এক টুইটত উল্লেখ কৰা মতে বৰ্তমান চিকিসাধীন হৈ থকা কৰ’না আক্ৰান্তৰ সংখ্যা হৈছে ১১৯২ জন। ১৮৫ জন আক্ৰান্তই ইতিমধ্যে সুস্থ হৈ ঘৰলৈ উভতিছে। ৰাজ্যখনত কৰ’নাত এতিয়ালৈ প্ৰাণ হেৰুওৱো লোকৰ সংখ্যা হৈছে ৪ জন।