ডিব্ৰুগড়ঃ সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ ক্ৰীড়া সম্পাদক পুলিন শইকীয়াক সংগঠনটোৰ প্ৰাথমিক সদস্য পদৰ পৰা নিলম্বিত কৰিছে বুলি সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই এক প্ৰেছ বিবৃতি যোগেদি জানিবলৈ দিছে । সংগঠনটোৰ নামত পুলিন শইকীয়াই নিজাববীয়াকৈ ৰচিদ বহী বনাই অবৈধ ভাবে ধন সংগ্ৰহ কৰা বুলি বিবৃতিটোত উল্লেখ কৰিছে । 

পুলিন শইকীয়া সৈতে চুতীয়া ছাত্ৰ সন্থাৰ সাংগঠনিক কাম কাজত সম্পৰ্ক নকৰিবলৈ সংগঠনটোৰ সভাপতি সম্পাদকে সকলোকে পক্ষকে  আহ্বান জনাইছে ।