ডিজিটেল ডেস্কঃ দিল্লীত এতিয়া অতি ব্যাপক হাৰত বায়ু প্ৰদুষণ। দিল্লীৰ নাগৰিক সকলে এতিয়া ৫০টা চিগাৰেট হোপাৰ সমান ধোৱাৰ মাজত বাস কৰিবলগীয়া হৈছে। এই ভয়ানক প্ৰদুষণৰ মাজতেই দিল্লীৰ ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলত শ্ৰীলংকাৰ খেলুৱৈ সকলে মুখত মাক্স পিন্ধি খেলত ভাগ ল'ব লগীয়া হোৱাত সমগ্ৰ বিশ্বতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বিশ্বৰ বিভিন্ন দেশৰ বাতৰি প্ৰতিষ্ঠান সমুহে এই বাতৰিতো প্ৰকাশ কৰাত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপতত ভাৰত লজ্জিত হৈছে। এনেকুৱা ভয়ানক ভাৱে প্ৰদুষিত স্থান এটাত আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত কৰাৰ বাবে বিচিচিআইক বহু লোকে সমালোচনা কৰিছে বুলি জানিব পৰা গৈছে।

আনহাতে বিচিচিআইৰ সভাপতি চি কে খান্নাই এইবুলি প্ৰতিক্ৰিয়া প্ৰকাশ কয় যে, "যদি ষ্টেডিয়ামত খেল উপভোগ কৰিবলৈ যোৱা ২০০০০০ দৰ্শকৰ একো অসুবিধা হোৱা নাই তেন্তে কেৱল শ্ৰীলংকাৰ খেলুৱৈ সকলৰ কি এনেকুৱা অসুবিধা হ'ল যে তেওঁলোকে মুখত মাক্স পিন্ধি খেলিব লগা হ'ল? বিচিচিআইৰ সভাপতিগৰাকীৰ এই মন্তৱ্যই ভাৰতৰ ছবি আন্তৰাষ্ট্ৰীয় স্তৰত আৰু বেয়া কৰিলে বুলি বিভিন্ন মহলে মন্তৱ্য কৰা বুলি জনা গৈছে।