দিচাংমুখঃ আজি ষষ্ঠী। ষষ্ঠীৰ লগে লগে আৰম্ভ হ’ল দুৰ্গা পূজা৷ গিৰিৰাজ হিমালয়ৰ কন্যা উমা, মহিষাৰসুৰ, শুক্লপক্ষত পিতৃৰ গৃহলৈ নামি আহিছে দুৰ্গা৷ লাখ লাখ ভক্তৰ দুৰ্গতিনাশীনি দুৰ্গাক আদৰাৰ বাবে সকলো সাজু৷ শৰৎৰ আগমনৰ লগে লগে মাথো চাৰিদিনৰ বাবে আহে দুৰ্গা৷

পুনৰ দুৰ্গা উভতি যায় মাকৰ ঘৰলৈ৷ দুৰ্গাৰ আগমণৰ লগে লগে বিশ্বত আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয়৷ শাৰদী দুৰ্গোৎসৱ আজিৰ পৰা সমগ্ৰ ৰাজ্যৰ লগতে উলাহ মালহেৰে শিৱসাগৰ জিলাতো আৰম্ভ হৈছে। শিৱসাগৰ চহৰৰ লগতে সমগ্ৰ জিলা খনত উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰিছে।

উলাহ-মালহেৰে সকলোৱে দুৰ্গা পূজাৰ বাবে ওলাই অহা পৰিলক্ষিত হৈছে৷ দেশত সুখ-শান্তি ঘুৰি অহাৰ কামনা কৰিছে সাধাৰণ ৰাইজে। শিৱসাগৰ আৰক্ষীয়ে নিৰপত্তা ব্যৱস্থা কটকটীয়া কৰা পৰিলক্ষিত হৈছে৷