গুৱাহাটীঃ প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহক গঠনৰ ক্ষেত্ৰত চলা ক্ষমতাকেন্দ্ৰিক অৰিয়াঅৰিত বিধ্বস্ত কংগ্ৰেছ দলৰ অৰাজক অৱস্থাৰ বিষয়ে সবিস্তাৰে প্ৰকাশ পাইছিল newsnextone.comত। লগে লগে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কাৰ্যনিৰ্বাহক গঠনৰ ক্ষেত্ৰত গ্ৰহণ কৰে বিশেষ ত९পৰতা। কিন্তু এই ত९পৰতাই কাৰ্যনিৰ্বাহক গঠনক এতিয়ালৈ বাস্তৱ ৰূপ দিবলৈ সমৰ্থ হোৱা নাই।

বৰ্তমানো ফাইলতে আৱদ্ধ হৈ আছে প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা পঠোৱা কাৰ্যনিৰ্বাহকৰ তালিকা । প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক শৈলেন বৰাই newsnextone.comক জনোৱা অনুসৰি সমাগত পঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ বিধান সভা নিৰ্বাচনৰ পাছতে নিশ্চিত হ’ব কাৰ্যনিৰ্বাহক সমিতি গঠনৰ প্ৰক্ৰিয়া।যিহেতু দুয়োখন ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ বাবে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ উপাধ্যক্ষ ৰাহুল গান্ধী নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থাকিব লগা হৈছে।

এই ব্যস্ততাৰ হেতু তেওঁ প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা পঠোৱা কাৰ্যনিৰ্বাহকৰ তালিকাৰ অনুমোদন আজিকোপতি জনোৱা নাই।এই কাৰ্যই ক্ষুব্ধ কৰি তুলিছে স९ আৰু কংগ্ৰেছক ভলপোৱা ৰাজনৈতিক কৰ্মীসকলক। ৰাহুল গান্ধীৰ নেতৃত্ব আৰু কৰ্ম দক্ষতাৰ ওপৰতো পুনৰ উত্থাপিত হৈছে প্ৰশ্ন।

ৰাহুল গান্ধীক নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ অধ্যক্ষ পদত স্থলাভিষিক্ত কৰাৰ যো-জা চলি থকাৰ সময়তে ৰাহুল গান্ধীৰ উদাসীন ভূমিকাই অদূৰ ভৱিষ্যতে কংগ্ৰেছৰ যে ভেটি উছন কৰি তুলিব তেনে এক সন্দেহো ঘনীভূত হ’বলৈ আৰম্ভ কৰিছে বহু তৃণমূল কৰ্মীসকলৰ মাজত। এতিয়া প্ৰশ্ন উঠিছে কংগ্ৰেছ উদ্ধাৰ অভিযানত নামি পৰা যুৱৰাজ ৰাহুল গান্ধীয়ে কিমান দিন প্ৰদেশ কংগ্ৰেছৰ বেমেজালি আৰু চিপৰাং মৰা ৰাজনীতিত নিমাত থাকিব, নে দুয়োখন ৰাজ্যৰ সমাগত বিধান সভা নিৰ্বাচনৰ চেলু লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিলৈ পিঠি দি ৰব।

যিহেতু সকলো ৰাজনৈতিক ৰণ কৌশল নিৰ্ধাৰিত হয় দিল্লীৰ পৰা আৰু দিল্লীৰ পৰা পঞ্জাৱ, উত্তৰ প্ৰদেশলৈ দূৰত্ব বৰ বেছি নহয়, তেনেস্থলত এ পি চি চিৰ কাৰ্যনিৰ্বাহকত অনুমোদন দিবলৈ প্ৰয়োজন হোৱা পাচঁ মিনিট সময় উলিয়াবলৈ টান পোৱা ৰাহুল গান্ধীয়ে কিদৰে এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলক প্ৰতিনিধিত্ব কৰিব সেই লৈয়ো শংকা ঘনীভূত হৈ পৰিছে।

এনেধৰণৰ এক আলোচনা এতিয়া দলীয় কৰ্মীসকলৰ মাজত আৰম্ভ হোৱা দেখা গৈছে। দলীয় কৰ্মীৰ এনে আলোচনাই ৰাহুল গান্ধীৰ কৰ্মদক্ষতাহীন, ৰাজনৈতিক অসচেতনতাকে প্ৰতিপন্ন কৰিছে বুলিও মন্তব্য কৰিছে বহুতে।