বৰপেটাৰোডঃ নামনি অসমৰ বাণিজ্যিক প্ৰধান চহৰ বৰপেটাৰোডৰ সমীপৰ শিমলাগুৰি আৰক্ষী চকীৰ ভাৰপাপ্ত বিষয়া কৈলাশ মালাকাৰৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে এখন চুৰি বাইকসহ  এটা  চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

প্ৰাপ্ত তথ্য মতে ২০১৫ চনতে গোৱালপাৰা চহৰৰ ভলুকাডুবি  সাপ্তাহিক বজাৰৰ পৰা বিদ্যুৎ চন্দ্ৰ দাসৰ চুৰি হোৱা AS-18 B-1861 নম্বৰ কলা বৰণৰ  হিৰ হোণ্ডা গ্লেমাৰ বাইক খন শিমলাগুৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ  পমখেদি ৩১নং ৰাষ্ট্ৰীয়   ঘাই পথৰ দহমাইল অঞ্চলৰ পৰা কালি বিয়লি প্ৰায় ৫ মান বজাত হাউলীৰ কদম গুৰি গাঁওৰ  আব্দুল গফুৰৰ পুত্ৰ ছহিদুল ইচলামক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম। 

ধৃত বাইক চোৰ ছাহিদুলক শিমলাগুৰি আৰক্ষীয়ে গোৱালপাৰা সদৰ থানাৰ উপ-পৰিদৰ্শক দেৱজিত কলিতাৰ নেতৃত্বত অহা এটি আৰক্ষীৰ দলক আজি প্ৰায় ২ বজাত চমজাই দিয়ে।

উল্লেখযোগ্য যে শিমলাগুৰি আৰক্ষীয়ে বিগত মে মাহত  হাউলীৰ বি এইচ কলেজৰ সমীপৰ মাচুৱাৰ পৰা চুৰি হোৱা ফৰ্ড ফিগ’ গাড়ী এখন চিৰাং জিলাৰ এটা গেৰেজৰ পৰা উদ্ধাৰ কৰাৰ লগতে ৫ জনীয়া এটা দুধর্ষ চোৰৰ চক্ৰক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল৷