খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ খেৰণিত বুধবাৰে পুনৰ ধুমুহাই তাণ্ডৱ চলায়। দুপৰীয়াৰ ভাগত হঠাৎ অহা প্ৰচণ্ড ধুমুহা-বৰষুণে খেৰণিৰ বিস্তীৰ্ণ অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰে ৷

বিশেষকৈ খেৰণিৰ ৰিকাংমিহম, ফেলাংপি, ৱাটিজুৰ, মাইলু আদি অঞ্চলত তীব্র গতিত অহা বিধ্বংসী ধুমুহাজাকে উৰুৱাই নিয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ চালি, বহুকেইটা পৰিয়ালৰ গোসাঁইঘৰ, বাসগৃহৰ টিনপাত আদি। আনকি পলকতে অহা ধুমুহাজাকে কেইবা স্থানতো প্ৰকাণ্ড প্ৰকাণ্ড গছ, কল গছ, তামোল গছ ভাঙি-চিঙি-উভালি ভয়াৱহ তাণ্ডৱ সৃষ্টি কৰে উল্লিখিত অঞ্চলকেইটাত।

বিভিন্ন স্থানত ধুমুহাত বিদ্যুতৰ তাঁৰ ছিঙি মাটিত পৰাৰ বিপৰীতে বিদ্যুৎ খুঁটাৰ লগতে খুঁটাসহ বিদ্যুৎ ট্ৰেন্সফাৰ্মাৰ মাটিত বাগৰি পৰা পৰিলক্ষিত হয়। ফলত ধুমুহা-বৰষুণৰ পাছতেই বৃহত্তৰ অঞ্চলটোতে সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে বিদ্যুৎ যোগান।

ইফালে লকডাউনৰ মাজতে ধুমুহাৰ এনে ধ্বংসলীলা দেখি গাওঁবাসী ভীতিগ্ৰস্ত হোৱাৰ লগতে ভুক্তভোগী পৰিয়ালসমূহে মেৰামতি কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়াত পৰিছে।