নগাঁওঃ  নগাঁও জিলাৰ বেবেজীয়াৰ অগ্ৰণী শিক্ষানুষ্ঠান বিৰহ বেবেজীয়া প্ৰাথমিক বিদ্যালয়ত বৃহস্পতিবাৰে এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানটিত প্ৰাথমিক বৃত্তি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিদ্যালয় তথা অঞ্চললৈ গৌৰব কঢ়িয়াই অনা তিনি গৰাকী মেধাবী ছাত্ৰক সৰ্ম্বধনা জ্ঞাপন কৰা হয় ৷ 

অনুষ্ঠানত ২০১৭ চনত প্ৰাথমিক বৃত্তি লাভ কৰা ছাত্ৰ কৌশিক দাস আৰু আকাশ দাসক ৫ হাজাৰ টকাৰ চেক, গামোছা আৰু কিতাপৰ টোপোলা প্ৰদান কৰাৰ বিপৰীতে ২০১৮ চনত প্ৰাথমিক বৃত্তি লাভ কৰা নয়ন জ্যোতি দাসক  গামোছা, কিতাপৰ টোপোলা প্ৰদান কৰি সৰ্ম্বধনা জনাই  বিদ্যালয় কৰ্তৃপক্ষই ৷ 

উক্ত অনুষ্ঠানত বিশিষ্ঠ অতিথি হিচাপে উপস্থিত থাকে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নিতু চন্দ্ৰ দাস, প্ৰধান শিক্ষয়ত্ৰী জ্যোস্না মহন্ত, সহকাৰী শিক্ষয়িত্ৰী মনোমতি দাস, পদ্মজা মজুমদাৰকে প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ অনুষ্ঠানতোত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিবেশিত গীত-মাত-নৃত্যৰে মুখৰিত হৈ পৰে বিদ্যালয়ৰ সভাকক্ষ ৷ উল্লেখযোগ্য যে ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ আগ্ৰাসনৰ বাবে অসমীয়া মাধ্যমৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী নামভৰ্তিৰ হাৰ নিম্নগামী হোৱাৰ সময়তেো বিৰহ বেবেজীয়া প্ৰাথমিক বিদ্যালয়ৰ এনে আশাব্যঞ্জক ফলাফলে ইতিবাচক বাৰ্তা বহন কৰিছে ৷