newsnextone.com | গুৱাহাটীঃ বক্ৰ পথেৰে চাকৰি লৈ ২৫ গৰাকীকৈ APS-ACS-এ জেলত থাকিব লগা হোৱাৰ সময়তে এইবাৰ ১৯গৰাকীকৈ APS-ACSক জেৰা কৰিবলৈ সাজু হৈছে অসম আৰক্ষী৷ ২০১৭ বৰ্ষৰ ৮ নৱেম্বৰৰ পৰা এতিয়ালৈ ২৫গৰাকী APS-ACSক ডিব্ৰুগড় আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ শাখাৰ জালত পৰি জেলত সময় অতিবাহিত কৰিব লগা হৈছে৷

০৮ নৱেম্বৰৰ পুৱাৰ পৰা চলা অভিযানত ACS–APSক সকলক আটক কৰাৰ লগতে বিয়াগোম কেলেংকাৰীৰ তদন্ত এতিয়াও চলি আছে৷ নিশামণি ডেকা, ৰাকেশ গুপ্তা, ৰুমী শইকীয়া, ৰাজৰ্ষি ডেকা, সুনয়না আইদেউ, গীতালি দলে, কমল দেৱনাথ, জ্যোতিৰ্ময় অধিকাৰী, দিলীপ কলিতা সহ ২৫গৰাকী জালত পৰে৷ ২০১৫-১৬ বৰ্ষত ৩৮২ গৰাকী ACS-APS সংলগ্ন সেৱাৰ বিষয়া বাছনি কৰিছিল তেতিয়াৰ অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাকেশ পালে৷

ইয়াৰে প্ৰায় সংখ্যক বিষয়াক অবৈধ তথা ব্যাপক জালিয়াতিৰে নিৰ্বাচন কৰাৰ অভিযোগ উত্থাপন হৈছিল৷ কৃষক নেতা অখিল গগৈৰ লগতে ৰাজ্যৰ একাংশ দল-সংগঠনে এই তদন্তৰ দাবীত ব্যাপক আন্দোলন গঢ়ি তুলিছিল৷ তাৰ পাছতে এগৰাকী মহিলাৰ জড়িয়তে এই দুৰ্নীতিৰ ৰহস্য ফাদিল হৈছিল৷ প্ৰথম পৰ্যায়ত অসম আৰক্ষীয়ে তদন্ত কৰি তিনিগৰাকী বিষয়াক চিনাক্ত কৰিছিল৷ তাৰ পৰবৰ্ত্তী সময়ত ২৫ গৰাকী বিষয়াক তদন্তৰ আওতাত লয় আৰক্ষীয়ে৷

২৫ গৰাকী ACS-APS পৰীক্ষাৰ উত্তৰ বহী ফৰেনছিক বিজ্ঞানগাৰলৈ প্ৰেৰণ কৰে৷ বিজ্ঞানগাৰৰ পৰা পৰীক্ষাৰ পেপাৰৰ ফলাফল অহাৰ পিছতে সস্তম হৈ পৰিছিল ডিব্ৰুগড় জিলাৰ আৰক্ষীৰ লগতে অসম আৰক্ষীৰ বিশেষ শাখা৷ ০৮ নৱেম্বৰৰ পৰা (মঙলবাৰে) নিশাৰ পৰা ডিব্ৰুগড় আৰক্ষীয়ে ২৫ গৰাকী ACS-APSৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে৷

এইবাৰ অভিযান আৰম্ভ কৰিব ২০১৬ বৰ্ষৰ ACS-APSৰ বিৰুদ্ধে৷ ডিব্ৰুগড় আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ শাখাই ১৯গৰাকী ACS-APSক চমন জাৰি কৰিছে৷ পুনৰ ১৯জন ACS-APS বিষয়াক তদন্তৰ বাবে সাজু হৈছে অসম আৰক্ষী৷ অসম লোকসেৱা আয়োগে ২০১৬ চনত পৰীক্ষা অনুষ্ঠিত কৰি ৰাজপত্ৰিত বিষয়া হিচাপে নিয়োগ কৰিছিল বিষয়াকেইজনক৷ উক্ত সময়ত অসম লোকসেৱা আয়োগেৰ অধ্যক্ষ আছিল ৰাকেশ পাল৷ আৰক্ষীৰ বিশেষ শাখা আৰু ডিব্ৰুগড় আৰক্ষীৰ অধীক্ষকৰ কাৰ্যালয়ে অহা ১৮ জুলাইত কাহিলিপাৰাৰ অসম আৰক্ষীৰ বিশেষ শাখাত আটাইকেইজন বিষয়াক উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে৷ 

গণেশ চন্দ্ৰ দাস, শ্ৰাৱন্তী সেন গুপ্তা, দীক্ষিতা ফুকন আৰু লীনা কৃষ্ণ কাকতি, গুলছন দাউলাগাপু, পল্লবী শৰ্মা, ভাৰ্গৱ ফুকন, সুৰঞ্জীতা হাজৰিকা, উত্পল ভূঞা, বৰ্ণালী দাস, সুখভন দাস, ধ্ৰুৱজ্যোতি চক্ৰৱৰ্তী, মঞ্জুৰ ইলাহী লস্কৰ, মুন মজুমদাৰ, মণিকা টেৰণপী, মোস্তাফা আহমেদ বৰভূঞা, ছাইবুৰ ৰহমান বৰভূঞা, ঋতুৰাজ নেওগ আৰু নিপন কুমাৰ পাঠকক চমন জাৰি কৰে অসম আৰক্ষীয়ে৷ 

আৰক্ষীৰ বিশেষ শাখাৰ মুখ্য কাৰ্যালয়লৈ আহি হস্তাক্ষৰ চিহ্নৰ নমুনা আৰক্ষীৰ সন্মুখত প্ৰদান কৰিব লাগিব ACS-APS বিষয়াসকলে৷ তেওঁলোকক সোধ-পোছো কৰিব আৰক্ষীয়ে৷