ডিজিটেল ডেস্কঃ বিয়াৰ পিছত স্বামীৰ ধৰ্মই পত্নীৰ ধৰ্ণ হৈ পৰে এই কথা গ্ৰহণ কৰা তথা সমৰ্থনৰ সপক্ষে নাই উচ্চতম ন্যায়ালয়৷ এই সম্পৰ্কত এটি গোচৰৰ ৰায় দান কৰি মোম্বাই উচ্চ ন্যায়লয়ে কিছু দিন পূৰ্বে স্বামীৰ ধৰ্মৰ বিশ্বাসত পত্নীৰ ধৰ্ম মিলি যায় বুলি কৈছিল৷ যাৰ ফলত এগৰাকী পাৰ্চী মহিলাক প্ৰথা অনুযায়ী পিতৃ-মাতৃৰ শেষকৃত্যত উপস্থিত থাকিব দিয়া নাছিল জোৰোষ্ট্ৰিয়ান ট্ৰাষ্টে৷ কিয়নো পাৰ্চী মহিলাগাৰকীয়ে হিন্দু ধৰ্মৰ লোকৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল৷

গুলৰোখ এম গুপ্তা নামৰ মহিলাগাৰকীয়ে ধৰ্মীয় ৰীতি-নীতিৰ বাধাৰ বাবে পিতৃ-মাতৃৰ শেষকৃত্যত অংশ লবলৈ দিয়া হোৱা নাছিল৷ জোৰোষ্ট্ৰিয়ান ট্ৰাষ্টক এই সিন্ধানৰ পুনৰ বিবেচনা কৰাৰ বাবে মহিলাগৰাকীয়ে উচ্চতম ন্যায়লয়ত এক আৰ্জি দাখিল কৰিছিল৷ উচ্চতম ন্যায়লয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰ, বিচাৰপতি একে সিং, এএম খান উইলকৰ, ডিওয়াই চন্দ্ৰচূড় আৰু অশোক ভূষণৰ বেঞ্চে বিয়াই এগৰাকী মহিলাৰ নাগৰিক অধিকাৰ কাঢ়ি নিব নোৱাৰে বুলি কয়৷ বিয়া মানে এগৰাকী মহিলাই নিজকে স্বামীৰ ওচৰত বন্ধকত থকাটো নুবুজায় বুলি কয় উচ্চতম ন্যায়লয়ে৷

আমি ধৰ্মীয় সংযুক্তিৰ পক্ষে নাই বুলি কয় বিচাৰপতিসকলে৷ এনে কোনো আইন নাই যিয়ে মহিলাক আন ধৰ্মৰ সৈতে বিয়া হলে টাওয়াৰ অফ ছাইলেন্টত সোমাৱাত বাধা দিব পাৰে৷৮৪ বছৰীয়া পিতৃ-মাতৃৰ মৃত্যুৰ পিছত শেষকৃত্য উপস্থিত থাকিবৰ বাবে উচ্চ ন্যায়ালয়ৰ অনুমতি বিছাৰিছিল গুলৰোখে৷ উক্ত সময়ত পাৰ্চী জোৰোষ্ট্ৰিয়ান ট্ৰাষ্টৰ সপক্ষে ৰায় দান কৰে আদালতে৷ উচ্চ ন্যায়লয়ে বিয়াৰ পিছত স্বামীৰ ধৰ্মটোৱে পত্নীৰ ধৰ্ম হৈ পৰে বুলি ৰায় দিছিল৷ তাৰ পিছতে উচ্চতম ন্যায়লৰ দ্বাৰস্থ হয় গুলৰোখ৷ নিজৰ মনোভাব ত্যাগ কৰি পিতৃ-মাতৃ আৰু সন্তানৰ আবেগৰ সম্পৰ্কৰ কথা ভাবি ভালচান্দ ট্ৰাষ্টক পুনৰ বিচাৰৰ বিবেচনা কৰাৰ বাবে শীৰ্ষ আদালতে অনুৰোধ জনায়৷