গুৱাহাটীঃ অসম লোকসেৱা আয়োগৰ বহু বিতৰ্কিত তথা চাকৰি কেলেংকাৰীৰ নায়ক ৰাকেশ পালৰ সময়ত জালিয়াতিৰে চাকৰি লোৱা প্ৰাক্তন মন্ত্ৰী নীলমনি সেন ডেকাৰ পুত্ৰ ৰাজৰ্ষি সেন ডেকাই অৱশেষত সোমবাৰে পুৱা অসম আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰে৷ প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী, নলবাৰীৰ ধৰ্মপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক নীলমণি সেন ডেকাৰ পুত্ৰ ৰাজৰ্ষিসেন ডেকা আগতীয়া জামিন লোৱাৰ লগতে আৰক্ষীৰ পৰা বাছিবলৈ বহু জল্পনা-কল্পনা কৰি অৱশেষত আত্মসমৰ্পনণ কৰিবলৈ বাধ্য হয়৷

০৮ নৱেম্বৰৰ পুৱাৰ পৰা আৰক্ষীৰ ভয়ত পলাই ফুৰা ৰাজৰ্ষিয়ে বাক্সা জিলাৰ ৰাজহ চক্ৰ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল৷ কাহিলীপাৰাৰ অসম আৰক্ষীৰ বিশেষ শাখাত উপস্থিত হোৱাৰ লগে লগে তেওক আৰ৭ীয়ে আটক কৰে৷ সাংবাদিকে তেওক প্ৰশ্ন কৰে যদিও তেও উত্তৰ দিয়াৰ পৰা বিৰত থাকে৷ আৰক্ষীৰ পৰা বাচিবলৈ বহু চেষ্টা কৰি সকলো পথ ৰুদ্ধ হৈ পৰাত অৱশেষত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে যোৱা ৮ নৱেম্বৰৰ পৰা এতিয়ালৈ ২১ গৰাকী ACS-APS বিষয়া আৰক্ষীৰ জালত পৰিছে৷

ইয়াৰ পিছত ৰুমী শইকীয়াই আত্মসমৰ্পণ কৰিব বুলি জানিব পৰা গৈছে৷ প্ৰাক্তন মন্ত্ৰী নীলমনি সেন ডেকাৰ পুত্ৰই নাম অসম লোকসেৱা আয়োগৰ কেলেংকাৰীত সাঙোৰ খাই পৰিছিল৷ ২০১৫-১৬ বৰ্ষত ৩৮২ গৰাকী ACS-APS সংলগ্ন সেৱাৰ বিষয়া বাছনি কৰিছিল তেতিয়াৰ অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাকেশ পালে৷ 

ইয়াৰে প্ৰায় সংখ্যক বিষয়াক অবৈধ তথা ব্যাপক জালিয়াতিৰে নিৰ্বাচন কৰাৰ অভিযোগ উত্থাপন হয়৷ কৃষক নেতা অখিল গগৈ সহিতে ৰাজ্যৰ একাংশ দল-সংগঠনে এই তদন্তৰ দাবীত ব্যাপক আন্দোলন গঢ়ি তুলিছিল৷ তাৰ পাছতে এগৰাকী মহিলাৰ জড়িয়তে এই দুৰ্নীতিৰ ৰহস্য ফাদিল হৈছিল৷ প্ৰথম পৰ্যায়ত অসম আৰক্ষীয়ে তদন্ত কৰি তিনিগৰাকী বিষয়াক চিনাক্ত কৰিছিল৷ তাৰ পৰবৰ্ত্তী সময়ত ২৫ গৰাকী বিষয়াক তদন্তৰ আওতাত লয় আৰক্ষীয়ে৷ ২৫ গৰাকী ACS-APS পৰীক্ষাৰ উত্তৰ বহী ফৰেনছিক বিজ্ঞানগাৰলৈ প্ৰেৰণ কৰে৷

বিজ্ঞানগাৰৰ পৰা পৰীক্ষাৰ পেপাৰৰ ফলাফল অহাৰ পিছতে সস্তম হৈ পৰে ডিব্ৰুগড় জিলাৰ আৰক্ষীৰ লগতে অসম আৰক্ষীৰ বিশেষ শাখা৷ ০৮ নৱেম্বৰৰ পৰা (মঙলবাৰে) নিশাৰ পৰা ডিব্ৰুগড় আৰক্ষীয়ে ২৫ গৰাকী ACS-APSৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে৷ মঙলবাৰৰ নিশাৰ পৰা বুধবাৰৰ পুৱা লৈকে ১৫ গৰাকী ACS-APSৰ গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷

তাৰ মাজতে আৰক্ষীৰ পৰা হাত সাৰিবলৈ ৰাজনৈতিক প্ৰভাৱশালী ACS বিষয়া ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ আত্মীয় সুনয়না আইদেউ, প্ৰাক্তন মন্ত্ৰী সুমিত্ৰা পাটিৰৰ আত্মীয় গীতালি দলে, নীলমণিৰ পুত্ৰ ৰাজৰ্ষি সেন ডেকা সহিতে প্ৰায় ১০গৰাকী বিষয়াই আত্মগোপন কৰে৷ প্ৰায় ৩০ ঘন্টা আত্মগোপন কৰি কমল দেৱনাথ, জ্যোতিৰ্ময় অধিকাৰী আৰু দিলীপ কলিতাই আত্মসমৰ্পণ কৰে৷

কিন্তু প্ৰায় দুদিন পিছত বিশেষ আদালতত ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ আত্মীয় সুনয়না আইদেউ, প্ৰাক্তন মন্ত্ৰী সুমিত্ৰা পাটিৰৰ আত্মীয় গীতালি দলেই আত্মসমাৰ্পণ কৰিবলৈ বাধ্য হয়৷ শুকুৰবাৰে সুনয়না আইদেউ, গীতালি দলেই বিশেষ আদালতত আত্মসমৰ্পণ কৰে৷ বিশেষ আদালতত আত্মসমৰ্পণ কৰাৰ পিছতে তেওলোকক আৰক্ষীয়ে আদালত চৌহদত আটক কৰে৷

কিন্তু যোৱা ৫ দিনে প্ৰাক্তন মন্ত্ৰী নীলমনিসেন ডেকাৰ পুত্ৰ ৰাজৰ্ষি ডেকাৰ কোনো শুংসুত্ৰ উলিয়াব পৰা নাছিল আৰক্ষীয়ে৷ বিভিন্ন স্থানত তালাচী চলাই ৰাজৰ্ষি ডেকাই আৰক্ষীয়ে আটক কৰিব নোৱাৰাত অৱশেষত অসম আৰক্ষীয়ে পলাতক ঘোষণা কৰে তেওক৷ কিন্তু সোমবাৰে পুৱাই তেও আত্মসমৰ্পণ কৰে৷