মুম্বাইঃ যাৰ জনপ্ৰিয়তা বহুতৰ বাবে কল্পনাৰো অগোচৰ, যিয়ে ডিজনিলেণ্ডলৈ ফুৰিবলৈ যায়, চৰাইক নিজ হাতেৰে খোৱাবস্তু তুলি দিয়ে, নিয়মিত জিম কৰে, টিভিৰ ধাৰাবাহিকৰ পৰা আৰম্ভ কৰি এখনৰ পিছত আনখন ছুপাৰ হিট বলীউডৰ ছবিত অভিনয় কৰাৰ সুযোগ লাভ কৰে, সাফল্যৰ ছিৰিত উঠি নতুনত্বৰ সন্ধান কৰিছিল, প্ৰেমত পৰিছিল, এবাৰ প্ৰেমত ব্যৰ্থ হ’লে আকৌ প্ৰেম কৰাৰ সাহস ৰাখিছিল, নিয়মিত ছ’চিয়েল মিডিয়াত ইতিবাচক কথা পোষ্ট কৰিছিল তেনে এজন মানুহে কি এনেকৈ আত্মহত্যা কৰিব পাৰে? 

মানিবলৈ কষ্ট হ’লেও এয়াই সত্য। মাত্ৰ ৩৪ বছৰ বয়সতে আজি দুপৰীয়া ডিঙিত চিপ লৈ আত্মহত্যা কৰিলে অভিনেতা সুশান্ত সিং ৰাজপুতে। তেওঁ মুম্বাইৰ বান্দ্ৰাস্থিত যিটো ফ্লেটত ভাৰা লৈ আছিল সেই ফ্লেটতে আত্মহত্যা কৰে। এই পৰ্যন্ত আত্মহত্যাৰ কাৰণ জানিব পৰা নগ’লেও বিভিন্ন কাৰকলৈ চাই কোৱা হৈছে যে যোৱা প্ৰায় ৬ মাহ ধৰি তেওঁ ডিপ্ৰেশ্যনৰ সৈতে যুঁজ দি আছিল। 

নিজা ফ্লেট থাকিলেও ভাৰাঘৰত আছিল সুশান্ত

মুম্বাইত আছিল তেওঁৰ নিজৰ ফ্লেট। কিন্তু তাতকৈ ভাল ফ্লেটত তেওঁ থাকিব বিচাৰিছিল। সেয়ে ৮ মাহ পূৰ্বে আজি আত্মহত্যা সংঘটিত কৰা বিলাসী ফ্লেটটো ভাৰালৈ লৈছিল। এই নতুন ফ্লেটত তেওঁৰ সৈতে আছিল এজন বন্ধু, এজন সহায়কাৰী আৰু ক্ৰিয়েটিভ মেনেজাৰ। তেওঁৰ সৈতে থকা এইকেইজন সদস্যৰ কোনেও জনা নাছিল যে দেওবাৰৰ পুৱাটোৱেই সুশান্ত সিং ৰাজপুতৰ অন্তিমটো পুৱা হ’ব।

অভিনেতাগৰাকীৰ ঘৰুৱা সহায়কাৰীয়ে আৰক্ষীক জনাইছে, 'পুৱালৈ সকলো ঠিকেই আছিল। পুৱা ৬.৩০ বজাত তেওঁ শোৱাৰ পৰা উঠিছিল। মই তেওঁক ফলৰ ৰস দিছিলো আৰু সেয়া তেওঁ পৰম শান্তিৰে খাইছিল। ইয়াৰ পিছত ৯ বজাত তেওঁ ভনীয়েকৰ সৈতে কথা পাতিছিল। ভনীয়েকৰ সৈতে কথা পাতি হোৱাত তেওঁ অভিনেতা বন্ধু মহেশ ছেট্টীৰ সৈতেও কথা পাতিছিল। মহেশৰ সৈতেই তেওঁ অভিনয়ৰ আৰম্ভণি কৰিছিল বুলি আমি শুনি আহিছো।’

'সুশান্তে শেষৰ ফোনটো তেওঁৰ বন্ধু মহেশলৈকে কৰিছিল। ইয়াৰ পিছত তেওঁ নিজৰ কোঠালৈ গুচি গৈছিল আৰু কোঠাটো ভিতৰৰ পৰা লক কৰি দিয়াৰ শব্দ শুনিছিলো। যেতিয়া ১০ বজাত লগুৱাজনে আজি কি কি খাব সেয়া সুধিবলৈ তেওঁৰ কোঠালৈ আহিছিল তেতিয়া বহুবাৰ মাত দিয়াৰ পিছতো দুৱাৰ খোলা খোৱা নাছিল।’-বিবিচিৰ আগত এইদৰে কয় ঘৰুৱা সহায়কাৰীজনে।

আৰক্ষীয়ে জনোৱা মতে, ইয়াৰ পিছতে ক্ৰিয়েটিভ মেনেজাৰে সুশান্তৰ ভনীয়েকলৈ ফোন কৰে। ভনীয়েক অহাত তলা-ছাবি ভাল কৰা লোকক লৈ আনি দুৱাৰ খোলা হয়। দুৱাৰ খোলাৰ পিছত দেখা দৃশ্যই সকলোকে হতবাক কৰি তোলে। 'সুশান্তৰ মৃত্যু পুৱা ১০ বজাৰ পৰা দিনৰ ১ বজাৰ ভিতৰত হৈছে। ভনীয়েক আৰু তাত থকা বাকী লোকসকলে সুশান্তৰ মৃতদেহ ৰছীত ওলমি থকা দেখিছিল। ইয়াৰ পিছতে ঘৰুৱা সহায়কাৰীজনে আমালৈ ফোন কৰে।’-এইদৰে কয় ঘটনাস্থলীত উপস্থিত হোৱা এজন আৰক্ষী বিষয়াই।

'আমি ঘটনাস্থলী পাওতে দুপৰীয়া ২.৩০ মান হৈছিল সময়। আহিয়েই আমি অনুসন্ধান আৰম্ভ কৰিছো। ছুইচাইড নোট থাকিব পাৰে নেকি চাইছো। কিন্তু তেনে কোনো নোট আমি পোৱা নাই।’-আৰক্ষী বিষয়াজনে স্থানীয় সংবাদ মাধ্যমৰ আগত এইদৰে কয়। 

ইয়াৰ পিছত অভিনেতাগৰাকীৰ মৃতদেহ বিয়লি প্ৰায় ৫ বজাত ডাঃ আৰ এন কাপুৰ হাস্পতাললৈ লৈ যোৱা হয়। ইয়াতেই তেওঁৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ’ব বুলিও আৰক্ষীয়ে সংবাদ মাধ্যমক জনায়।

সন্ধিয়া প্ৰায় ৭ বজাত মুম্বাইৰ আৰক্ষীৰ ডিচিপি পৰ্যায়ৰ এগৰাকী শীৰ্ষ বিষয়া অভিষেক ত্ৰিমুখে কয়, 'অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু চিপ লগোৱাৰ ফলত হৈছে। মৰণোত্তৰ পৰীক্ষাৰ পিছতহে আৰু কিবা কাৰণ থাকিলে জানিব পৰা যাব। এতিয়ালৈকে আমি কোনো ছুইচাইড নোট বা আন আপত্তিজনক বস্তু একো পোৱা নাই।’

উল্লেখ্য যে, বলীউড জগতত নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সমৰ্থ হৈছিল অভিনেতাজনে। ইফালে এই দুসংবাদ পোৱাৰ পিছতে দেওবাৰে সন্ধিয়া ৭ বজাত বিহাৰৰ ঘৰৰ পৰা আহি মুম্বাইত উপস্থিত হৈছে তেওঁৰ পিতৃ আৰু পৰিয়ালৰ আন সদস্যসকল। ঘনিষ্ঠ মহলে জনোৱামতে সোমবাৰে অভিনেতাগৰাকীৰ নশ্বৰ দেহৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব।

মা, আচলতে আমি দুয়োজনেই ভুল আছিলো!

যিজন সুশান্তই ছ’চিয়েল মিডিয়াত নিজৰ সুন্দৰ মুহূৰ্তৰ ছবিবোৰ শ্বেয়াৰ কৰি ভাল পাইছিল সেইজন সুশান্তই যোৱা ৩ জুনত ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল নিজৰ মাতৃৰ সৈতে থকা এখন ক’লা-বগা ফটো। ক’লা-বগা ফটোখনৰ ভিতৰত যেন ধূসৰ হৈ লুকাই আছিল সুশান্তৰ শেষৰ কথাবোৰ!

ফটোখন পোষ্ট কৰি তেওঁ লিখিছিল, 'ধূসৰ অতীত চকুৰ পানী হৈ উৰিছে, অন্তহীন সপোনবোৰে চৌপাশে সৃষ্টি কৰিছে অট্টহাস্যৰ এক বৃত্ত। আৰু এক দ্ৰুতবেগী অস্থিৰ জীৱনে এই দুয়োটাৰ সৈতে বুজাপৰাৰে আগুৱাই গৈছে।’ কথাখিনিৰ শেষত হেচটেগসহ হিন্দীতে 'মা’ বুলি লিখি কাষতে ৰাখিছিল ৰক্ত হৃদয়ৰ এটি ইম’জি।

হয়তো এই পোষ্টটোৰ জৰিয়তেই কোনো এক বাৰ্তা দিব বিচাৰিছিল তেওঁ। মাতৃৰ ছবি, মাতৃক উদ্দেশ্যি লিখা কথাবোৰতেই যেন লুকাই আছিল তেওঁৰ প্ৰকৃত মনটো! তেন্তে এই জাকজমকতাৰে পূৰ্ণ লাইফষ্টাইল, তাৰকা হোৱাৰ হাবিয়াস, নতুন নতুন চৰিত্ৰৰ সন্ধান, প্ৰভাৱ-প্ৰতিপত্তি, প্ৰেম-ভালপোৱা ইমানবোৰেও আকৰ্ষণ কৰিব পৰা নাছিলনে তেওঁক? 

অতীতৰ মধুৰ কোনো স্মৃতি আৰু অজান ভৱিষ্যতৰ দুৰ্ভাৱনাৰ মাজত এনেদৰে নিজক হেৰুৱাই পেলালে কম সময়তে বহু সফল ছবিৰ নায়কজনে। হয়তো সেইদিনা উক্ত ফটোখন পোষ্ট কৰাৰ সময়তো তাত লিখাৰ দৰেকৈ সুশান্তই অতীতলৈ উভতি গৈ নিজৰ সৈতে কথা পাতি কান্দি উঠিছিল! এনেকৈয়ে মনৰ ভিতৰত দেখা দিয়া অতীত-ভৱিষ্যতৰ দ্বন্দ্বৰ কথা বুজাবলৈকে যেন তেওঁ ব্যৱহাৰ কৰিছিল 'বুজাপৰা’ শব্দটো! বুজাপৰা শব্দটো ব্যৱহাৰ কৰিও কথাবোৰ কাকোৱেই বুজিবলৈ নিদিয়াকৈ অৱশেষত আজি হেৰাই গ’ল ২০০২ চনত মাত্ৰ ১৬ বছৰ বয়সতে মাকক চিৰদিনৰ বাবে হেৰুৱাই পেলোৱা সুশান্ত!

আচৰিত ধৰণে মাতৃক হেৰুওৱাৰ সময়ত লিখা এটি কবিতাও কিছুদিন পূৰ্বে শ্বেয়াৰ কৰিছিল অভিনেতাজনে। কবিতাৰ শেষৰ শাৰীত সুশান্তে আকাশৰ তৰা হৈ পৰা মাতৃক সুধিছিল, 'মা তোমাৰ মনত আছেনে? তুমি যে কথা দিছিলা ওৰেতো জীৱন আমাৰ সৈতে থাকিবা? ময়ো কথা দিছিলো যিমানেই ধুমহা নাহক কিয় সদায় হাঁহিমুখে থাকিম। এতিয়া ভাবিছো মা, আচলতে আমি দুয়োজনেই ভুল আছিলো। ভুল আছিলো!’