গুৱাহাটীঃ দিন যিমানেই পাৰ হৈছে ৰাজ্যত সিমানেই ভয়াবহ হৈ পৰিছে কৰ’না কাল। বৃহস্পতিবাৰে এটা দিনতে পোহৰলৈ অহা ৮ টাকৈ পজিটিভ ঘটনাৰ ৪ টাই হৈছে গুৱাহাটী মহানগৰীৰ। এনে পৰিপ্ৰেক্ষিতত এতিয়া সমগ্ৰ গুৱাহাটীতে বিৰাজ কৰিছে এক আতংকময় পৰিস্থিতিয়ে।

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে নিশা ৯-৩০ বজাৰ পৰা ১০ বজা অৰ্থাৎ আধাঘণ্টাৰ ভিতৰত দুটাকৈ টুইটযোগে সদৰী কৰিছিল ৮ জনকৈ লোক সংক্ৰমণ হোৱাৰ কথা। কিন্তু উক্ত টুইট দুটাত নিজামুদ্দিনৰ সৈতে জড়িত ঘটনাৰ যিদৰে সবিশেষ লগে লগে জনাইছিল সেইধৰণে জনোৱাৰ পৰা বিৰত আছিল।

সবিশেষ তথ্য জনোৱাৰ পৰা বিৰত থকা নিশা ১০ বজাৰ পিছত ৰাজ্যৰ নিউজ চেনেলসমূহত একাধিক ধৰণে বাতৰি প্ৰচাৰ হোৱা দেখা গৈছিল। প্ৰতিটো চেনেলে ভিন্ন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত বাতৰি প্ৰচাৰ কৰাত একপ্ৰকাৰ বিভ্ৰান্ত হ’বলগীয়া হৈছিল ৰাইজ। NNOৰ তৰফৰ পৰাও প্ৰশাসনৰ সৈতে যোগাযোগ কৰা হৈছিল যদিও প্ৰশাসনেও ভিন্ন কাৰণত সবিশেষ জনাবলৈ অস্বীকাৰ কৰিছিল।

অৱশ্যে শুকুৰবাৰে পুৱা সকলো স্পষ্ট হ’বলৈ আৰম্ভ কৰে যদিও এতিয়াও চৰকাৰৰ তৰফৰ পৰা আনুষ্ঠানিক ঘোষণা নকৰাত সেয়া ১০০ শতাংশ নিশ্চিত বুলি ক’ব পৰা হোৱা নাই। ইয়াৰ মাজতে এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা NNO-এ লাভ কৰিছে মহানগৰীত কৰ’নাত আক্ৰান্ত হোৱা চানমাৰিৰ সাৰদা দাস নামৰ মহিলাগৰাকীৰ কিছু তথ্য।

চানমাৰি অঞ্চলৰ পিয়লি ফুকন নগৰৰ পাহাৰত বাস কৰা সাৰদা দাস আছিল কৰ’না পজিটিভ ধৰা পৰা জিএমচিএইছৰ চিকিৎসকগৰাকীৰ ৰোগী। কিছুদিন পূৰ্বে কোনো ৰোগত আক্ৰান্ত হোৱাত চিকিৎসকগৰাকীৰ ওচৰলৈ চিকিৎসাৰ বাবে গৈছিল সাৰদা। সূত্ৰটোৱে জনোৱা মতে, সাৰদা দাস হৈছে এগৰাকী গৃহিণী। প্ৰাপ্ত বাতৰি মতে, ইতিমধ্যে পিয়লি ফুকন নগৰৰ লগতে চানমাৰিৰ অমিয় নগৰকো কনটেইনমেণ্ট জ’ন ঘোষণা কৰিছে প্ৰশাসনে। 

ইফালে, আজি পুৱাৰ ভাগত দুটাকৈ টুইট কৰিছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। পুৱা ৮.৪৬ বজাত কৰা এটা টুইটত মন্ত্ৰীগৰাকীয়ে কয় যে যোৱা নিশা পজিটিভ ধৰা পৰা ৪ জনৰ এজন হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি সমগ্ৰ জিএমচিএইছ চৌহদ পুনৰ চেনিটাইজ কৰা হয়। নতুন ৰোগীসকলৰ বাবে কিছুদিনলৈ চিকিৎসালয়খন বন্ধ থাকিব বুলিও টুইটোত সদৰী কৰে মন্ত্ৰী হিমন্তই।

অৱশ্যে কৰ’নাত এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ মৃত্যু হৈ থকা বুলি প্ৰকাশ পোৱা বাতৰি সন্দৰ্ভত টুইটযোগে কোনো তথ্য এই পৰ্যন্ত জনোৱা নাই মন্ত্ৰীগৰাকীয়ে। এই বিষয়ে বৰ্তমানলৈ কোনো তথ্য নজনালেও আজি বিয়লি ২ বজাত এখন সংবাদমেল আহ্বান কৰিছে মন্ত্ৰীগৰাকীয়ে। উক্ত সংবাদমেলতে মন্ত্ৰীগৰাকীয়ে মহানগৰীত ধৰা পৰা ৪ টা পজিটিভৰ ঘটনাৰ বিষয়ে সবিশেষ জনাব বুলি আশা কৰা হৈছে।