গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ মাজ মাজিয়াৰ শ্বেতা হত্যাকাণ্ডই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে প্ৰেমিক গোৱিন্দ সিংহানীয়াৰ বিস্ফোৰক স্বীকাৰোক্তিয়ে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ যোৱা মে’ মাহৰ পৰা দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আছিল যদিও বিগত প্ৰায় তিনিমাহ ধৰি দুয়োৰে সম্পৰ্কত ফাট মেলিছিল৷

আৰক্ষীৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্তি দি শ্বেতাক দেৱালত মুৰ খুন্দিয়াই হত্যা কৰিছিল বুলি প্ৰকাশ কৰে প্ৰেমিক গোৱিন্দই৷ ঘটনা সন্দৰ্ভত মহানগৰীৰ আৰক্ষী আয়ুক্ত হিৰেণ নাথে এখন সংবাদ মেল যোগে সমস্ত ঘটনা সন্দৰ্ভত প্ৰকাশ কৰে।

আৰক্ষী আয়ুক্তগৰাকীয়ে জনোৱা মতে,দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক থকাৰ লগতে ৪ ডিচেম্বৰত গোৱিন্দৰ ঘৰলৈ আহি শ্বেতাই বিবাহ কৰোৱাৰ বাবে জোৰ কৰিছিল গোৱিন্দক৷ যাৰ ফলত তেওলোকৰ দুয়োৰে তীব্ৰ তৰ্কাতৰ্কি লাগিছিল৷

ঘৰৰ ভিতৰত তৰ্কাতৰ্কি লাগি থকা অৱস্থাতে খঙত অগ্নিশৰ্মা হৈ গোৱিন্দই এটা সময়ত শ্বেতাৰ মুৰটো দেৱালত তীব্ৰ জোৰে খুন্দিয়াই দিছিল৷

শ্বেতাৰ মূৰৰ পৰা ৰক্তপাত পোৱাৰ লগতে প্ৰায় এক ঘন্টাৰ অন্তত তেওৰ মৃত্যু হৈছিল৷ মৃত্যুৰ পিছত মৃতদেহ বাহিৰত পেলাই থৈ অহাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল যদিও বাহিৰত মানুহৰ ভীৰ থকাৰ বাবে সেয়া সম্ভৱ নহ’ল গোৱিন্দৰ পৰিয়ালৰ৷

এটা সময়ত বাইকত তুলি মৃতদেহ নিয়াৰ চেষ্টা কৰিছিল যদিও সেয়াও সম্ভৱ নোহোৱাত অৱশেষত বাথৰুমত সোমোৱাই থৈ কেৰাচিন ঢালি পুৰি পেলোৱাৰ চেষ্টা কৰে৷

তাৰ পিছতে ঘটনা পোহৰলৈ আহে৷ গুৱাহাটী মহানগৰীৰ মাজ মাজিয়াৰ শ্বেতা হত্যাকাণ্ডৰ নতুন মোৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে মহানগৰীত৷ মঙলবাৰে নাৰীৰ সুৰক্ষা প্ৰদানৰ লগতে শ্বেতা হত্যাকাণ্ডৰ উচিত তদন্ত বিছাৰি মহানগৰীৰ ৰাজ পথ উত্তাল কৰিছিল শ-শ মহিলাই৷

মহানগৰীৰ মণিপুৰী বস্তিৰ সমীপত স্থানীয় মহিলাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ৪ ডিচেম্বৰৰ সন্ধিয়া মৃতদেহ উদ্ধাৰ হৈছিল শ্বেতাৰ৷

গুৱাহাটীৰ মনিপুৰীবস্তিৰ মেধাৱী ছাত্ৰী শ্বেতাই পৰীক্ষা দিবলৈ গৈ ঘৰলৈ উভতি অহাৰ পথত এই ঘটনা সংঘটিত হয়। ছাত্ৰীগৰাকীৰ পৰিয়ালৰ মতে, ছাত্ৰীগৰাকীক অপহৰন কৰি নি এনে ঘটনা সংঘটিত কৰিছে। এই হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত গোৱিন্দ সিংহানীয়া নামৰ যুৱকগৰাকীক আৰক্ষীয়ে আটক কৰিছিল আৰক্ষীয়ে৷ ছাত্ৰীগৰাকীৰ সৈতে একেখন কলেজতেই পঢ়িছিল গোৱিন্দ সিংহানীয়াই।

হত্যাকাণ্ড সংঘটিত হোৱাৰ সময়ত অভিযুক্ত যুৱকজনৰ ঘৰত যুৱকগৰাকীৰ মাক আৰু ভনীয়েকো উপস্থিত আছিল। ছাত্ৰীগৰাকীৰ অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ হোৱাৰ পিচত গুৱাহাটীৰ ভৰলুমুখ থানাৰ আৰক্ষীয়ে অভিযক্ত যুৱক গোৱিন্দ সিংহানীয়াক গ্ৰেপ্তাৰ কৰাৰ লগতে যুৱকগৰাকীৰ মাক আৰু ভনীয়েককো আটক কৰে।