স্প’ৰ্টছ ডেস্কঃ মাধুৰ্য প্ৰসাদ বৰুৱা আৰু বদন চন্দ্ৰ শইকীয়াৰ সোঁৱৰণীত গোৱালপাৰাত অহা ১৭ ফেব্ৰুৱাৰীৰ পৰা ২৪ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব প্ৰবীণ আন্তঃজিলা আৰু প্ৰতিষ্ঠান টি-২০ ক্ৰিকেটৰ দশম সংস্কৰণ৷ ভেটেৰেন ক্ৰিকেট এছচিয়েছন অৱ আচামৰ গোৱালপাৰা শাখাই ভেটেৰেন ক্ৰিকেট এছচিয়েছন অব আচামৰ সহযোগত অনুষ্ঠিত কৰা এই প্ৰতিযোগীতাৰ প্ৰথমখন মেচ অনুষ্ঠিত হ’ব এডভকেটচXI আৰু বজালিৰ মাজত৷

গোৱালপাৰাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহা আৰু আছুৰ সভাপতি দীপাংক নাথ আৰু প্ৰাক্তন ৰঞ্জী খেলুৱৈ কমল দাসে টুৰ্ণামেণ্টৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব৷ বিজেতাক মাধুৰ্য বৰুৱা ট্ৰফিৰ সৈতে ৰাজ বৰুৱাৰ দ্বাৰা নগদ ধনৰ টোপোলা আগবঢ়োৱা হ’ব৷ ৰানাৰ্চ আপ দলটোক বদন চন্দ্ৰ শইকীয়া ট্ৰফীৰ লগতে নগদ ধনৰ টোপোলা দিয়া হ’ব৷

প্ৰতিখন মেচৰ মেন অব দি মেচজনক সুবাসিনী গগৈৰ সোঁৱৰণিত স্বপ্ননীল ডেকাৰ দ্বাৰা বঁটা প্ৰদান কৰা হ’ব৷ শ্ৰেষ্ঠ বেটচমেনৰ বঁটা ৰাম প্ৰকাশ কাপুৰৰ সোঁৱৰণিত পংকজ কাপুৰৰ দ্বাৰা প্ৰদান কৰা হ’ব৷ শ্ৰেষ্ঠ বলাৰক ৰাজু গোস্বামীৰ সোঁৱৰণিত বঁটা প্ৰদান কৰা হ’ব৷

মেন অব দা চিৰিজৰ বঁটা অশ্বিনী ৰাজবংশীৰ সোঁৱৰণিত ৰাজীব ৰাজবংশীৰ দ্বাৰা প্ৰদান কৰা হ’ব বুলি ভিচিএএৰ সাধাৰণ সম্পাদক নাছীৰ গুল খানে প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিছে৷