ধনশিৰিঃ আজিও হাতত গীতাৰ তুলি লৈ সৃষ্টিৰ সপোন দেখে তেওঁ। জীৱনটোৰ পৰা বিষাদে লগ এৰা নিদিয়া শিল্পীগৰাকীয়ে বহু কাম কৰি গৈছে নীৰৱে। প্ৰচাৰ বিমুখ ৫৫ বছৰীয়া মানুহগৰাকীয়ে গোটেই জীৱনটো সংগীতৰ নামতে পাৰ কৰিলে।

সংগীতৰ বাহিৰে আন একো নাজানে তেওঁ। প্ৰায় ৩৩ বছৰ বয়সৰ পৰা শিল্পীগৰাকীয়ে নীৰৱে সহি গৈছে সকলো যন্ত্ৰণা। সংগীতৰ পৰাই যন্ত্ৰণাৰ উপশম লাভ কৰে তেওঁ। ৰোগৰ ওচৰত হাৰ নমনা মানুহগৰাকীয়ে যোৱা ৩০ বছৰে সংস্কৃতিৰ প্ৰসাৰৰ বাবে কাম কৰি গৈছে।

ৰাজ্যখনত একাংশ গ্লেমাৰ সৰ্বস্ব শিল্পীয়ে সমাদৰ লাভ কৰে যদিও গ্ৰাম্য অঞ্চলত কাম কৰা একাংশ শিল্পীয়ে সদায় অৱহেলিত হৈয়ে ৰয়। গ্ৰাম্যঞ্চলৰ তেনেই এগৰাকী শিল্পী তাপস প্ৰতীম বৰা৷ চিকিৎসাৰ নামত সকলো বিক্ৰী কৰি আনৰ ঘৰত থাকিবলৈ লোৱা শিল্পীগৰাকীয়ে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাত সংস্কৃতিৰ ক্ষেত্ৰখনত প্ৰায় ৩০ বছৰ ধৰি নীৰৱে কাম কৰি আহিছে৷

মহকুমাটোৰ বৰপথাৰ মৌজাৰ বৰপথাৰ গাঁৱৰ তাপস প্ৰতীম বৰা বতৰ্মান ক্লান্ত। যোৱা ২১ বছৰে স্পণ্ডিলাইটিছ ৰোগত আক্ৰান্ত শিল্পীগৰাকীৰ মূৰটো প্ৰায়ে ডিঙিৰ সৈতে সংলগ্ন অৰ্থাৎ লক হৈ যায়। তথাপিও তেওঁ পংগু দেহাৰে গীটাৰ, কী-বৰ্ড আদি বিভিন্ন প্ৰকাৰৰ বাদ্যযন্ত্ৰৰ প্ৰশিক্ষণ দিয়ে মহকুমাটোৰ বহু যুৱক-যুৱতীক৷

জনপ্ৰিয় গীটাৰিষ্ট জিন্তু বৰদলৈ তেওঁৰেই শিষ্য আছিল৷  জিন্তু বৰদলৈয়ে প্ৰশিক্ষণ লৈছিল শিল্পী বৰাৰ ওচৰত৷ বৰাৰ প্ৰথমখন অডিঅ' কেছেট ‘প্ৰত্যাহবান’ত কন্ঠ নিগৰাইছিল জে পি দাস আৰু সন্ধ্যা মেননৰ দৰে জনপ্ৰিয় কন্ঠ শিল্পীয়ে। ১৯৯০ চনত ‘সূৰ্য্য তেজৰ অন্য নাম’ৰ এখন অসমীয়া বোলছবিত সহকাৰী সংগীত পৰিচালক হিচাপে কাম কৰিছিল তাপস বৰাই।

বৰাই অলকা, ত্ৰিনয়ণ, প্ৰতিধ্বনি আদি থিয়েটাৰটো সংগীতৰ কাম কৰিছিল। জনপ্ৰিয় কন্ঠশিল্পী মালবিকা বৰুৱাৰ গীতেৰে অনুপ্ৰাণিত হৈ যোৱা প্ৰায় ৩০ বছৰে সংস্কৃতিৰ ক্ষেত্ৰখনত কাম কৰি গৈছে প্ৰচাৰ বিমুখ ৰোগাক্ৰান্ত শিল্পীগৰাকীয়ে৷

একপ্ৰকাৰ পংগু জীৱন কটাবলৈ বাধ্য হৈ পৰা শিল্পীজনৰ ব্যক্তিগত জীৱন বুলিবলৈ আছে মাথো এটি শূন্য। সংগীত তথা বাদ্য যন্ত্ৰই তেওঁৰ সকলো। বৰ্তমান পঞ্চাশৰ উৰ্দ্ধৰ শিল্পীগৰাকীয়ে পত্নী আৰু দুই সন্তান সহিতে দুখৰ জীৱন অতবাহিত কৰি আহিছে।

আৰ্থিক অনাটনৰ বাবে পৰিয়াৰ চলাব নোৱাৰা শিল্পীগৰাকীয়ে উন্নত চিকিৎসা কৰিব নোৱাৰি পংগুদেহেৰে সংগীত চৰ্চা তথা সংস্কৃতিৰ কাম কৰি গৈছে৷ মাটি-বাৰী, ঘৰ-দুৱাৰ যি আছিল চিকিৎসাৰ বাবে সকলো বিক্ৰী কৰি বায়েক-ভিনিয়েকৰ গৃহত থিতাপি লৈছে বৰাই।

তথাপিও সংগীত চৰ্চা অব্যাহত ৰাখিছে তেওঁ। এনে এক যন্ত্ৰণাদায়ক জীৱন অতিবাহিত কৰিবলগীয়া হ'লেও শিল্পীগৰাকীৰ কাৰোৰে প্ৰতি নাই কোনো ক্ষোভ বা অসন্তুষ্টি। স্পণ্ডিলাইটিছ ৰোগত আক্ৰান্ত এই শিল্পীগৰাকীয়ে যাতে পূৰ্বৰ দৰে সংগীতৰ চৰ্চা কৰি যাব পাৰে তাৰ বাবে চৰকাৰ তথা দল-সংগঠনক সহায় আগবঢ়াবলৈ ধনশিৰিৰ শিল্পনুৰাগী ৰাইজে আহ্বান জনাইছে্।