তুলসীবাৰীঃ ভোগালীৰ ব্যস্ততাৰ মাজতে শনিবাৰে ৰঙিয়াৰ সমীপৰ তৰণীত ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় পথত পথ দুৰ্ঘটনা সংঘটিত হৈ দুগৰাকী লোক গুৰুতৰ ভাৱে আহত হয়৷

জানিব পৰা মতে, গুৱাহাটী মালিগাঁৱৰ নৃপেন চন্দ্ৰ বড়ো নামৰ শিক্ষকগৰাকীয়ে এএছ-০১-এএইচ-৮১৮৫ নম্বৰৰ চাৰিচকীয়া বাহনেৰে ভোগালী বিহু উপলক্ষে দ্বাৰকুছিত বজাৰ কৰি নিজ ঘৰলৈ আহি থকা অৱস্থাত বইটামাৰীৰ শিক্ষক ৰিখাব চন্দ্ৰ বড়োৰ এএছ-২৮-২৪৭২ বাইক খনৰে মুখামুখি সংঘৰ্ষ লাগে।

এই ঘটনাত দুয়োগৰাকী শিক্ষকে গুৰুতৰভাৱে আহত হোৱাত স্থানীয় ৰাইজে উদ্ধাৰ কৰি ৰঙিয়া পলিক্লিনিক হাস্পাতাললৈ চিকিৎসা প্ৰেৰণ কৰে৷