গুৱাহাটীঃ ব্যাপক প্ৰচাৰ অভিযানৰ অন্তত দেশৰ অন্য ৰাজ্যৰ লগতে অসমৰো চাৰিটা লোকসভাৰ সমষ্টিত মংগলবাৰে অনুষ্ঠিত হ’ব সপ্তদশ লোকসভাৰ নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ইতিমধ্যে ৰাজ্যৰ মুঠ ১৪টা লোকসভাৰ সমষ্টিৰ ১০টা সমষ্টিত প্ৰথম আৰু দ্বিতীয় পৰ্যায়তে অনুষ্ঠিত হৈ গৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।

কিন্তু তৃতীয় পৰ্যায় ৰাজ্যৰ চাৰি সমষ্টিৰ নিৰ্বাচনক লৈ এতিয়া ৰাইজৰ মাজত দেখিবলৈ পোৱা গৈছে আন এক বিষয়ৰ চৰ্চা। কাৰণ অসমৰ ১৪টা লোকসভাৰ সমষ্টিত এইবাৰ মুঠ ১৪৫ গৰাকীৰ প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। কিন্তু গুৰুত্বপূৰ্ণ কথা এইয়ে ১৪৫ গৰাকীৰ প্ৰাৰ্থীৰ ভিতৰত আটাইতকৈ ধনৱন্ত হিচাপে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানত থকা তিনিগৰাকীৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব এই তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত।

সেই অনুসৰি অসমৰ ১৪৫ গৰাকীৰ প্ৰাৰ্থীৰ ভিতৰত ধনৱন্তৰ ফালৰপৰা প্ৰথম স্থানত থকা প্ৰাৰ্থী গৰাকীৰ হৈছে ধুবুৰীৰ বৰ্তমানৰ সাংসদ তথা এই নিৰ্বাচনৰ ধুবুৰীৰ এআইইউডিএফৰ প্ৰাৰ্থীৰ মৌলানা বদৰুদ্দিন আজমল। 

নিৰ্বাচন আয়োগক দিয়া তথ্য অনুসৰি তেওঁৰ মুঠ সম্পত্তি হৈছে ৭৮ কোটি ৮০ লাখ টকা। একেদৰে অসমৰ কোটিপতিৰ তালিকাৰ দ্বিতীত স্থানত আছে গুৱাহাটীৰ লোকসভাৰ বিজেপিৰ প্ৰাৰ্থীৰ কুইন ওজা।মনোনয়ন-পত্ৰৰ লগত প্ৰাৰ্থীগৰাকীয়ে দিয়া তথ্য অনুসৰি তেওঁৰ মুঠ সম্প্ৰতি হৈছে ৬৩ কোটি ২ লাখ টকা। 

ঠিক একেদৰে ১৪৫ গৰাকীৰ প্ৰাৰ্থীৰ ভিতৰত কোটিপতিৰ তালিকাত তৃতীয় স্থান দখল কৰাৰ প্ৰাৰ্থী গৰাকীৰ হৈছে গুৱাহাটীৰ লোকসভাৰ সমষ্টিৰ নিৰ্দলীয়া প্ৰাৰ্থী তথা গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা জোনমণি দেৱী খাউণ্ড। প্ৰাৰ্থীৰ গৰাকীৰ মুঠ সম্পত্তিৰ পৰিমাণ ৩৪ কোটি ৪২ লাখ টকা।

আনহাতে এই তৃতীয় পৰ্যায় চাৰিটা সমষ্টিৰ ৫৪ গৰাকীৰ প্ৰাৰ্থীৰ ভিতৰত মুঠ ১২ গৰাকীৰ প্ৰাৰ্থীৰ কোটিপতি। একেদৰে এই তৃতীয় পৰ্যায়ৰ চাৰি সমষ্টিৰ দৰিদ্ৰৰ প্ৰাৰ্থী গৰাকীৰ হৈছে ভাৰতীয় ৰাষ্ট্ৰীয় জনতাৰ দলৰ নৃপেন দাস। তেওঁ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৬০ হাজাৰ টকা।

এই কথা জানিবলৈ দিছে 'এছ’চিয়েচন ডেমক্ৰেটিকস ৰিফৰ্ম' চমুকৈ এডিআৰে।