গুৱাহাটীঃ আইপিএলত উজলি উঠিছে অসম সন্তান ৰিয়ান পৰাগ। শনিবাৰে ছাৱাই মানসিং ষ্টুডিয়ামত ৰাজস্থান ৰয়েলৰ হৈ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ ইংনিছ খেলি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে অসম সন্তান ৰিয়ানে।

উল্লেখ যে শনিবাৰৰ গুৰুত্বপূৰ্ণ খেলখনত অসম সন্তান ৰিয়ানে ২৯ টা বলত ৪৩ ৰাণৰ এক অনবদ্য ইনিংছ ৰাজস্থান ৰয়েলছ দলক উপহাৰ দিয়ে। তেওঁৰ ইনিংছটোত আছিল ৫টা বাউণ্ডাৰী আৰু এটা অভাৰ বাউণ্ডাৰী। 

গুৰুত্বপূৰ্ণ কথা এই যে প্ৰথমে বেট ধৰি মুম্বাই ইণ্ডিয়ানছে ৰাজস্থান ৰয়েলচক জয়ৰ বাবে বান্ধি দিছিল ১৬২ ৰাণৰ লক্ষ্য। লক্ষ্য অনুসৰণ কৰি ৰাজস্থান ৰয়েলছৰ দলটোৱে প্ৰথম ৭৭ ৰাণতে তিনিটা উইকেট হেৰুৱাই বিপদত পৰিছিল। তেনে সময়তে অসম সন্তান ৰিয়ান পৰাগ ক্ৰিজলৈ আহি ষ্টিভেন স্মিথৰ সৈতে দৃঢ়তাৰে বেটিং কৰি যুটীয়াভাৱে ৭০ ৰাণৰ এক গুৰুত্বপূৰ্ণ ইনিংছ উপহাৰ দিয়ে। কিন্তু দুৰ্ভাগ্যবসত ষ্টিভেন স্মিথৰ এটা শ্বটত দুই ৰাণ ল’বলৈ গৈ আউত হয় ৰিয়ান পৰাগ।

আনহাতে খেলখনত প্ৰথমে দুই অভাৰ বলিং কৰি ৰিয়ান পৰাগে ১৭ ৰাণ খৰচ কৰিছিল।
ইফালে ৰিয়ান পৰাগে শনিবাৰৰ খেলখনত অসমীয়া স্বাভিমানৰ অন্যতম প্ৰতীক গামোচাক কঁকালত খামুচি লৈ লোৱা দেখিবলৈ পোৱা গৈছিল। খেলখনত অসম সন্তান ৰিয়ান পৰাগে লাভ কৰিছে এফবিবি ষ্টাইলিছ খেলোৱৈৰ সন্মান।

শনিবাৰৰ খেলখন আছিল আইপিএল ক্ৰিকেটত ৰিয়ান পৰাগৰ দ্বিতীয়খন খেল। ইয়াৰ পূৰ্বে যোৱা ১১ এপ্ৰিলত এইখন খেল পথাৰতে চিএছকে বিৰুদ্ধে অৱৰ্তীন হৈছিল।

ইফালে ৰিয়ানৰ শনিবাৰৰ খেল উপভোগ কৰি ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ হাৰছা ভূগলী, ইৰফান পাঠানকে ধৰি ভালে কেইজন ক্ৰিকেটাৰে টুইটাৰত ৰিয়ানক প্ৰশংসাৰে ওপচায় পেলোৱা দেখিবলৈ পোৱা গৈছে।