গুৱাহাটীঃ অহা ১৫ মে'ত ঘোষণা কৰা হ’ব ৰাজ্য হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰু হাইমাদ্ৰাছাৰ ২০১৮-১৯ বর্ষৰ ফলাফল। দিনৰ ৯ বজাত ছেবা কৰ্তৃপক্ষই ঘোষণা কৰিবলগীয়া এইবাৰৰ পৰীক্ষাত মুঠ ৩ লাখ ৫৪ হাজাৰ ১৪৩ গৰাকীৰ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱৰ্তীন হৈছে। উল্লেখ যে পূৰ্বৰ বছৰৰ দৰে এইবাৰৰ ফলাফল ঘোষণাত যাতে কোনো আসোঁৱাহ ৰৈ নাযায় তাৰ বাবে ছেবা কৰ্তৃপক্ষই যাৱতীয় সকলো ব্যৱস্থা কৰা হৈছে বুলি ইতিমধ্যে জানিবলৈ দিছে।

আনহাতে ছেবা কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীসকলে উক্ত দিনটোত পুৱা ৯ বজাৰ লগে লগে কি কি ৱেবছাইটৰ জৰিয়তে ৰিজাল্ট চাব পাৰিব সেই সন্দৰ্ভত কৰ্তৃপক্ষই নিৰ্দিষ্ট কৰিছে তেওঁলোকৰ ৱেবছাইটসমূহ। মুঠ ১৩ টাকৈ ৱেবছাইট আৰু এটা বিশেষ এপ'ছৰ জৰিয়তে ছেবাই ঘোষণা কৰিব ফলাফল। 

সেই অনুসৰি ছেবাই নিৰ্দিষ্ট কৰা ৱেবছাইটকেইটা হৈছেঃ results.sebaonline.org, resultsassam.nic.in, www.examresults.net, www.examresults.net/assam/, www.indiaresults.com, exametc.com,
iresults.net, yesresult.com, www.result.shiksha, www.assam.shiksha, www.assamonline.in, assamjobalerts.com, assamresult.in আৰু  SEBA - Mobile App।