গুৱাহাটীঃ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমীয়া ছবি জগতত 'ভিলেজ ৰকষ্টাৰ’ৰ ব্যাপক সফলতাৰ পাছত পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিবলৈ সক্ষম হৈছে ধিতিমান কাকতিৰ পৰিচালিত চুটি ছবি "দ্য মেন হো স্পিক নেচাৰ"-এ। 

যোৰহাটৰ ধৃতিমান কাকতি পৰিচালিত চুটি ছবিখনে ইউৰোপ মহাদেশৰ হাংগেৰীত অনুষ্ঠিত পঞ্চম আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি বিষয়ক ছবি মহোৎসৱত শ্ৰেষ্ঠ ছবি শিতানৰ বাবে নিৰ্বাচিত কৰা হৈছে বুলি আয়োজন সমিতিয়ে ছবিখনৰ পৰিচালক ধৃতিমান কাকতিক এক ই-মেইলৰ জৰিয়তে জানিবলৈ দিছে। 

লগতে মেইলটোত তেওঁলোকক জানিবলৈ দিছে যে মহোৎসৱখনত তেওঁলোকক উপস্থিত থাকিব বাবে যাতায়াতৰ খৰচ আৰু থকা-খোৱা খৰচ সকলো আয়োজক সমিতিয়ে বহন কৰিব বুলিও জানিবলৈ দিছে।

উল্লেখ যে বোকাখাতৰ দুই যুৱক ধৃতিমান কাকতি পৰিচালক আৰু ৰক্তিম হাজৰিকাই ছবিখনত চিনে'মাটগ্ৰাফী কৰিছে। ইয়াৰ উপৰি ছবিখন প্ৰচাৰ আৰু বিতৰণ বিভাগৰ দায়িত্বত আছিল সম্পাদক প্ৰৱাল বৰা। গুৰুত্বপূৰ্ণ কথা এই যে চুটি ছবিখনে ইয়াৰ পূৰ্বে ষষ্ঠ ব্ৰহ্মপুত্ৰ ভেলী চুটি ছবি মহোৎসৱত দ্বিতীয় শ্ৰেষ্ঠ ছবি সন্মান লাভ কৰিছে। ইয়াৰ উপৰি মুম্বাইত প্ৰথমবাৰৰ বাবে অনুস্থিত হোৱা ফিল্ম ক্ৰিটিক চইচ চট ফিল্ম এৱাৰ্ডছৰ তিনিটা বিশেষ শিতানত মনোনয়ন লাভ কৰিছিল।

উল্লেখ যে ছবিখন কাজিৰঙা বৰাগাঁও অক্লান্ত পৰিৱেশকৰ্মী মনোজ গগৈৰ পৰিৱেশ সম্পৰ্কীয় কৰ্মৰাজিৰ ওপৰত নিৰ্মিত। ইফাল ছবিখন ইতিমধ্যে বহু সংখ্যক ৰাষ্ট্ৰীয় ছবি মহোৎসৱত প্ৰদৰ্শিত হৈছে।

ইফালে ছবিখনৰ পৰিচালক ধৃতিমান কাকতি বৰ্তমান এপি গোৱেল ছিমলা ইউনিভাৰ্ছিটি বিজেএমচিৰ দ্বিতীয় সন্মাষিকৰ ছাত্ৰ। একেদৰে ছবিখনৰ চিনেটগ্ৰাফাৰ ৰক্তিম হাজৰিকা বিচিএৰ ছাত্ৰ।