ডিজিটেল ডেস্কঃ বিপদত পৰিব পাৰে মোডী চৰকাৰ৷ মোডী চৰকাৰৰ বিৰুদ্ধে অবিশ্বাস প্ৰস্তাৱ উত্থাপন কৰিব ৱাই এছআৰ কংগ্ৰেছে৷ ৫৩৬ সদস্যৰ লোকসভাত বিজেপিৰ হাতত আছে বৰ্তমান ২৭৪ সদস্য৷ আনহাতে ৫৬গৰাকী সাংসদ আছে সহযোগী দলৰ৷ 

কিন্তু বিজেপি চৰকাৰৰ বিৰুদ্ধে অবিশ্বাস প্ৰস্তাৱ উত্থাপন কৰিবলৈ সাজু অন্ধ্ৰপ্ৰদেশৰ ৱাইএছআৰ কংগ্ৰেছ দল৷ এনডিএৰ সহযোগী অন্ধ্ৰপ্ৰদেশৰ শাসকীয় দলৰ দুই মন্ত্ৰী মোডী মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছিল৷ টিডিপি দলৰ দুই মন্ত্ৰী অশোক গজপতি ৰাজু আৰু ৱাইএছ চৌধুৰীয়ে পদত্যাগ কৰিছিল৷ ৱাইএছআৰ কংগ্ৰেছে অবিশ্বাস প্ৰস্তাৱ অনাৰ ফলত বিজেপি বিপদত পৰিব পাৰে৷ 

03:28 PM কেন্দ্ৰীয় মন্ত্ৰী পিয়ুষ গোৱেলে কয় ‘‘মোডী চৰকাৰৰ দৰে আন কোনো চৰকাৰ অন্ধ্ৰপ্ৰদেশৰ প্ৰতি সংবেদনশীল নাছিল৷’’ 03:39 PM ৰাজ্যসভা আৰু লোকসভাত তীব্ৰ হৈ-হাল্লাৰ বাবে সোমবাৰলৈ সদন স্থগিত ৰাখিব লগা হয়৷ 03:24 PM চন্দ্ৰ বাবু নাইডুৱে বিধানসভাত আৰু কয় ‘‘টিডিপিয়ে বিভিন্ন প্ৰকাৰৰ সংকট কাল সফলতাৰে অতিক্ৰম কৰে৷ আমি এই সংকট কালো সুকলমে অতিক্ৰম কৰিম৷ মই কেন্দ্ৰ আৰু মোডীক বহু বাৰ চিঠি লিখিছো যদিও ফলাফল নোলাল৷ 03:15 PM জন সেনাৰ পাৰ্টিৰ অধ্যক্ষ পৱন কল্যাণে কয় ‘‘তেওলোকৰ চৰকাৰৰ ভঙাৰ সদিচ্ছা নাই৷ তেওলোকে সংসদত বিতৰ্ক হে কৰিব খুজিছে৷ জন সেনা প্ৰথম পাৰ্টি যিয়ে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰাৰ বাবে সাজু হৈছো৷ ৰাইজৰ প্ৰভাৱত হে ৱাইএছআৰ আৰু টিডিপিয়ে এনে কৰিব লগা হ’ল৷ 02:42 PM অন্ধ্ৰৰ মুখ্যমন্ত্ৰী চন্দ্ৰ বাবু নাইডুৱে কয় ‘‘আমি এনডিএক এৰি দিছো৷ আমি সিদ্ধান্ত নিজৰ স্বাৰ্থৰ বাবে নহয় অন্ধ্ৰৰ ৰাইজৰ স্বাৰ্থত লৈছো৷ যোৱা ৪ বৰ্ষত চেষ্টা কৰিছো৷ ২৯ বাৰকৈ দিল্লীলৈ গৈছো৷ তেওঁলোকক কৈ আহিছো৷ অন্তিম বাজেটত অন্ধ্ৰৰ কথা উল্লেথ নাই৷ যাৰ বাবে আমি সকলো মন্ত্ৰীক মন্ত্ৰী সভাৰ পৰা আতৰাই আনিছো৷ 02:36 PM সাংসদ শশী থাৰুৰে কয় ‘‘অনাস্থা প্ৰস্তাৱৰ বাবে ৫০ সাংসদৰ সমৰ্থন দৰকাৰ৷ বহু সাংসদে সমৰ্থন দিয়াৰ পিছতো অধ্যক্ষই মানি নললে৷ সংসদ ভাল দৰে নচলাৰ অজুহাত দেখুওৱা হয়৷ মই চৰকাৰক সুধিব খুজিছো আপোনালোকৰ ভয় কিহৰ৷ আপোনালোকৰ বহু সাংসদ আছে লোক সভাত৷’’ 02:31 ৱাইএছআৰ কংগ্ৰেছৰ অধ্যক্ষ জগমোহন ৰেড্ডীয়ে কয় ‘‘যোৱা ৪ বছৰত ৱাইএছআৰ কংগ্ৰেছে বিশেষ ৰাজ্যৰ দাবী উত্থাপন কৰি আহিছে৷ হঠাৎ চন্দ্ৰ বাবু নাইডুৰ চকু খোল খালে৷।" 02:19 PM সাংসদ আছাদুদ্দিন ওৱেছিয়ে কয় ‘‘আমি অনাস্থা প্ৰস্তাৱক সমৰ্থন কৰিম৷ আজি ওলাই পৰিব মোডী চৰকাৰৰ বিফলতা৷’’ 02:07 PM টিডিপিৰ সাংসদ জয়দেৱ গালাই কয় ‘‘বিজেপিয়ে লেতেৰা ৰাজনীতি কৰিছে৷ তামিলনাডুত সৰু পাৰ্টিক উৎসাহী কৰিছে৷ এই ৰাজনীতি অন্ধ্ৰটো কৰিব বিছাৰিছে৷ এই খন চৰকাৰৰ বিৰুদ্ধে আৰু আমাৰ বিশ্বাস নাই৷ 02:00 PM চিপিআইএম নেতা সীতাৰাম য়েচুৰীয়ে টুইট কৰি কয় ‘‘চিপিআইএমে এই প্ৰস্তাৱক সমৰ্থন কৰিব৷ অন্ধ্ৰৰ লোকক বিশ্বাস ভংগ কৰা হৈছে৷ চৰকাৰ আৰু সংসদীয় বিফলতা ৰাইজৰ সন্মুখলৈ আনিব লাগে৷ 01:56 কংগ্ৰেছ নেতা মল্লিকা অৰ্জুন খাৰ্গেয়ে কয় ‘‘প্ৰথমৰ পৰাই আমি অন্ধ্ৰৰ বিশেষ ৰাজ্যৰ দাবীক সমৰ্থন কৰি আহিছো৷ তাৰ ৰাইজে ন্যায় পাওক৷ যেতিয়া অনাস্থা প্ৰস্তাৱ উত্থাপনৰ কথা আহিব তেতিয়া চৰকাৰৰ বিফলতাৰ কথা আহিবই৷ আমি বিভিন্ন দলৰ সৈতে কথা পাতি আছো৷ 01:53 PM মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় ‘‘টিডিপিয়ে চৰকাৰৰ পৰা ওলাই যাব বিচৰা কাৰ্যত মই ধন্যবাদ জনাইছো৷ বৰ্তমান বিধ্বস্ত অৱস্থাৰ পৰা দেশক ৰক্ষা কৰিব লাগিব৷ উৎপীড়ন, আৰ্থিক দুৰৱস্থা, ৰাজনীতিৰ উত্থান-পতনৰ বাবে সকলো একত্ৰিত হ’ব লাগে৷ 01:48 PM কেন্দ্ৰীয় মন্ত্ৰী মোক্তাৰ আব্বাছ নাকভীয়ে কয় ‘‘আজি সংসদত লক্ষ্য কৰা যাব কোন দলে কাক সমৰ্থন জনায়৷ নিৰ্বাচন সমাগত আৰু দাবীক লৈ প্ৰতিবাদ৷ নিৰ্বাচনৰ পূৰ্বে সংসদত ৰিহাৰ্চেল কৰাৰ প্ৰথা পূৰ্বৰ পৰাই আছে৷ 01:30 PM মুখ্যমন্ত্ৰী চন্দ্ৰ বাবু নাইডুৱে টিডিপিৰ নেতা-কৰ্মীক তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ বাবে চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে বিজেপিৰ বিৰুদ্ধে৷ চন্দ্ৰ বাবু নাইডুৱে কয় ‘‘আমাৰ বিৰুদ্ধে একো কৰিব নোৱাৰে৷ তাৰ বাবে আনক আমাৰ বিৰুদ্ধে উৎসাহিত কৰিছে৷ তামিলনাডুৰ ৰাজনীতিত দখল দিছে৷ বিজেপি আৰু এনডিএ আমাৰ বিৰুদ্ধে আনক উৎসাহিত কৰিলেও একো কৰিব ৱনোৱাৰে৷ অন্ধ্ৰপ্ৰদেশৰ মন্ত্ৰী কে জৱাহৰে তেলেগু লোকক ঠগোৱাৰ অভিযোগ উত্থাপন কৰে৷ 01:29 PM ৱাইএছআৰ কংগ্ৰেছৰ সাংসদ বাইপী চুব্বাৰেড্ডীয়ে লোক সভাৰ মহাসচিবক পত্ৰ প্ৰেৰণ কৰে৷ শুকুৰবাৰে অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ’ব পাৰে৷ 01:15 PM প্ৰথমে ৱাইএছআৰ কংগ্ৰেছ তাৰ পিছত টিডিপিয়ে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰাৰ সিদ্ধান্ত লয়৷ দেশৰ ৰাজনীতি ক্ৰমান্বয়ে গৰম হ’ব ধৰিছে৷ এনডিএৰ পৰা টিডিপিক সমৰ্থন প্ৰত্যাহাৰ কৰাৰ সিন্ধান্তক বিজেপি বিৰোধীয়ে সমৰ্থন কৰে৷ চৰকাৰক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে বিৰোধীয়ে৷ 01:02 PM অনাস্থা প্ৰস্তাৱক ৫০ গৰাকী সাংসদ সদস্যই সমৰ্থন কৰিলে হে প্ৰস্তাৱ মঞ্জুৰ হ’ব৷ ৱাইএছআৰ দলৰ সদনত ৯গৰাকী সাংসদ আছে৷ 01:00 শুকুৰবাৰে সংসদত অনাস্থা প্ৰস্তাৱৰ পত্ৰ প্ৰদান কৰে৷ এই বিষয়ত আলোচনাৰ বাবে সংসদৰ কাম কাজৰ চামিল কৰাৰ আহ্বান জনায়৷ ২১ মাৰ্চত প্ৰস্তাৱ উত্থাপন কৰিব বুলি ৱাইএছআৰ কংগ্ৰেছৰ নেতা জগ মোহন ৰেড্ডীয়ে৷ 12:45 PM ইতিমধ্যে অবিশ্বাস প্ৰস্তাৱ আৱেদনক মঞ্জুৰি প্ৰদান কৰিলে মোডী চৰকাৰৰ প্ৰথম সংকট হ’ব৷ ৱাইএছআৰ কংগ্ৰেছৰ প্ৰধান জগ মোহন ৰেড্ডীয়ে আন আন দলক পত্ৰ প্ৰেৰণ কৰি অবিশ্বাস প্ৰস্তাৱক সমৰ্থন কৰাৰ আহ্বান জনায়৷ পত্ৰত উল্লেখ কৰা মতে, অন্ধ্ৰপ্ৰদেশক বিশেষ ৰাজ্যৰ মৰ্যদ্য নিদিলে ৬ এপ্ৰিলৰ পূৰ্বে সকলো সাংসদে পদত্যাগ কৰিব৷ 12:30 PM টিডিপিৰ সাংসদ টি নৰচিমানে অবিশ্বাস প্ৰস্তাৱক সমৰ্থন কৰাৰ কথা স্পষ্ট কৰে৷ তেওঁ কয় ‘‘ আমাৰ ১৬-১৭ গৰাকী সাংসদে সম্পূৰ ৰূপে সমৰ্থন কৰিব৷ ৰাজ্যৰ অধিকাৰৰ বাবে যিয়ে সংগ্ৰাম কৰিব তাৰ সমৰ্থন কৰিম৷’’ 12:00 PM ইপিনে ৱাইএছআৰ কংগ্ৰেছৰ অবিশ্বাস প্ৰস্তাৱক টিডিপিয়ে সমৰ্থন দিয়াৰ কথাও প্ৰচাৰ হৈছে৷ ২০১৯ চনত লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ লগতে ৰাজ্য খনত বিধান সভা নিৰ্বাচন অনুষ্ঠিত হ’ব৷ 11:30 AM মোডী চৰকাৰৰ বিৰুদ্ধে ৱাইএছআৰ কংগ্ৰেছ দলে অবিশ্বাস প্ৰস্তাৱ উত্থাপন কৰিলেও টিডিপিৰ ১৬ সাংসদৰ সমৰ্থন লাভ কৰে তেন্তে মোডী চৰকাৰ বিপদত নপৰে৷ 110:00 AM বিশেষ ৰাজ্যৰ দাবীত সংসদৰ ভিতৰে বাহিৰে প্ৰতিবাদ অব্যাহত ৰখা টিডিপিক কেন্দ্ৰীয় চৰকাৰে বিশেষ ৰাজ্য দিব নোৱাৰাৰ কথা স্পষ্ট কৰাৰ পিছতেই মোডী চৰকাৰৰ পৰা টিডিপিৰ দুই মন্ত্ৰীয়ে পদত্যাগ কৰিছিল৷ টিডিপিয়ে এনডিএৰ পৰা ওলাই যোৱাৰ বাবে চিন্তা-চৰ্চা কৰিছে৷