ডিব্ৰুগড়, ৬ এপ্ৰিলঃ ৰাজ্যখনৰ ভেন্সাৰ স্কুলসমূহৰ শ-শ শিক্ষকে একালৰ জাতীয়তাবাদী নেতা সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন বিজেপিক ভোট প্ৰদান কৰিছিল৷ অসমৰ ভিন্ন প্ৰান্তৰ এইসকল শিক্ষকে দিনৰ দিনটো আনৰ সন্তানক পঢ়াই-শুনাই ডাঙৰ মানুহ কৰে যদিও নিজৰ সন্তানক এসাঁজ খাই এসাঁজ লঘোনে ৰাখিব ৰখা হয়৷ এইসকল শিক্ষকৰ সন্তানে শিক্ষা আধাতে সাং কৰিব লগা হয়৷ উজনি, মধ্য আৰু নামনি অসমৰ ভেন্সাৰ স্কুলৰ শিক্ষকৰ দুখ-দুৰ্দশা, দুৰ্গতি, আলৈ-বিলৈ কুলাই-পাচিয়ে নধৰা হৈছে৷ দিনৰ দিনটো শিক্ষাদানৰ নামত ব্যস্ত থাকি জীৱন যৌৱন সকলো শেষ কৰা হাজাৰ-হাজাৰ শিক্ষকে এতিয়া হাহাকাৰ কৰিব লগা হৈছে৷ এসাঁজ ভাত, বস্ত্ৰ, সন্তানৰ পঢ়াৰ খৰছৰ বাবে আনৰ ঘৰত হাজিৰা নতুবা অইন কাম কৰিব লগা হৈছে৷ বহু শিক্ষাগুৰুৱে আনৰ গাড়ী চলাব লগা হৈছে, দিন হাজিৰা কৰিব লগা হৈছে৷ বহু শিক্ষকে পৰিয়াল পোহপাল দিব নোৱাৰি আত্মাহত্যা কৰিছে৷ বহু শিক্ষকে ৰোগত আক্ৰান্ত হৈ চিকিৎসা কৰিবৰ বাবে হাতত অৰ্থ নোহোৱাৰ বাবে বিনা বেতনে পৃথিৱীৰ পৰা মেলানি মাগিছে৷ ৩০-৩২ বছৰ বিনা বেতনে ভেন্সাৰ শিক্ষানুষ্ঠানৰ কাম কৰি চৰকাৰৰ আকোঁৰগোজ মনোভাৱৰ বাবে প্ৰাণ দিব লগা হৈছে৷

বহু শিক্ষকে ইতিমধ্যে আত্মহত্যা কৰিলে, বহুজনে পৰিয়াল পোহপাল দিবলৈ টেম্পো চলোৱা আৰম্ভ কৰিছে৷ কিন্তু যোৱা নিৰ্বাচন সমূহত বিজেপি দলে শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰ প্ৰতিশ্ৰুতি দি ভোট আদায় কৰিছিল অসমৰ লোকৰ। ভোট আদায় কৰি বিজেপিয়ে চৰকাৰ গঠন কৰিলে ঠিকেই কিন্তু শাসনলৈ আহি পাভলুটি মাৰিলে। এতিয়া শিক্ষকৰ চাকৰী নিয়মীয়া কৰাৰ বিপৰীতে শিক্ষকৰ দাবীক তিলমানো গুৰুত্ব প্ৰদান কৰা দেখা নাযায়। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰেই ডিব্ৰুগড় জিলাৰ লাহোৱাল শিক্ষা খণ্ডৰ অন্তৰ্গত ডিকমৰ লংছো মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক বীৰেণ ফুকনে সুদীৰ্ঘ ৩২ বছৰে বিনা বেতনে চাকৰি কৰি যোৱা ২৮ অক্টোবৰত অৱসৰ গ্ৰহণ কৰে৷ সাহিত্য-সংস্কৃতিৰ দিশতো আগৰণুৱা ফুকনে শিক্ষকতাৰ উপৰিও জিলা আৰু ৰাজ্যিক পৰ্যায়ত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ সেৱা আগবঢ়াই আহিছে৷ চৰকাৰে ইচ্ছাকৃতভাৱে বিদ্যালয় প্ৰাদেশীকৰণ নকৰাৰ বাবেই এনেদৰে ভেন্সাৰ স্কুলৰ শিক্ষকসকলে বিনা বেতনে অৱসৰ গ্ৰহণ কৰিবলগীয়া হৈছে৷ ইপিনে বিনা বেতনে শিক্ষকে অৱসৰ গ্ৰহণ কৰিবলগা বিষয়টোৱে অসমৰ শৈক্ষিক সমাজৰ লগতে ৰাজ্যখনৰ বাবে দুৰ্ভাগ্যজনক বিবেচিত হৈছে৷ আজি ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ সভাপতি দিবাকৰ দত্ত আৰু সাধাৰণ সম্পাদক তপন কুমাৰ শইকীয়াৰ নেতৃত্বত যোৱা এটা প্ৰতিনিধি দলে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বীৰেণ ফুকনক এখন চেলেং চাদৰ, ফুলাম গামোচা, স্মাৰক বঁটাৰ লগতে এখন সম্বৰ্ধনা পত্ৰৰে সন্মান জনায়।