ডিজিটেল ডেস্কঃ বাবৰি মছজিদ আৰু ৰাম মন্দিৰক লৈ পৰিৱেশ উত্তাল হৈ আছে৷ নিৰ্বাচন আহিলেই ৰাম মন্দিৰৰ বিষয়টো চৰ্চালৈ আহে৷ পুনৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সকলোৱে ৰাম মন্দিৰৰ কথা কৈ ক্ৰেডিট লবলৈ উঠি-পৰি লাগিছে৷

২০১৯ চনত তথা লোকসভা নিৰ্বাচন অহাৰ লগে লগে ৰাম মন্দিৰক লৈ আকৌ ৰাজনীতি আৰম্ভ হৈছে দেশত৷ ৰাম মন্দিৰৰ নিৰ্মাণক কেন্দ্ৰ কৰি আকৌ গৰম হৈছে দেশৰ ৰাজনীতি৷ শাসকীয় দলৰ নেতা-কৰ্মীয়ে ক্ৰেডিট লবলৈ উঠি পৰি লাগিছে ৰাম মন্দিৰৰ কথা পুনৰ প্ৰচাৰ কৰি৷ এইবাৰ ৰাম মন্দিৰৰ ৰাজনীতিত সাঙোৰ খাই পৰিছে আৰজেডিৰ নেতাৰ নাম৷

লালু প্ৰসাদ যাদৱৰ পুত্ৰ বিহাৰৰ প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী তেজ প্ৰতাপ যাদৱে বিহাৰৰ পৰা ইটা নি অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰিম বুলি কয়৷ শুকুৰবাৰে বিহাৰৰ নালান্দাত অনুষ্ঠিত হোৱা দংগল প্ৰতিযোগিতা উদ্ধোধন কৰিবলৈ গৈ আগন্তুক দিনত বিহাৰত আৰজেডিৰ চৰকাৰ গঠন হলে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰিম বুলি কয়৷ তেও কয়, হিন্দু, মুছলিম, শিখ, ইছাই, পিছপৰা শ্ৰেণী, গৰীৱ, দলিত সকলোৱে তালৈ যাব আৰু এটা এটা ইটা ৰাখিব৷

তাৰ পিছত ৰাম মন্দিৰ বনোৱাৰ কাম কৰিব৷ মন্দিৰ যিদিনাই নিৰ্মাণ হ’ব সিদিনাই বিজেপি আৰু আৰএছএছ ধ্বংস হ’ব৷ কিয়নো তেওলোকৰ ওচৰত যেতিয়া কোনো ইচ্ছ্যুই নাথাকিব তেতিয়া চামুচ লৈ কাহীত বজাই থাকিব তেওঁলোকে৷ আৰজেডিৰ কোনো নেতাই এতিয়ালৈ এনে ধৰণৰ মন্তব্য আগবঢ়োৱা নাছিল৷ ইমানে নহয় বাবৰি মছজিদত আক্ৰমণ কৰাৰ সময়ত লাল কৃষ্ণ আদৱানীৰ ৰথ যাত্ৰা বিহাৰত ৰখাই থোৱা হৈছিল৷

ইমানে নহয় সেই সময়ৰ বিজেপিৰ প্ৰভাৱশালী নেতা আদৱানীক জেললৈ প্ৰেৰণ কৰিছিল পিতৃ লালুৱে৷ সেই সময়ত তেজৰ পিতৃ লালু প্ৰসাদ যাদৱ বিহাৰৰ মুখ্যমন্ত্ৰী আছিল৷ মিডিয়াত এই খবৰ প্ৰচাৰ হোৱাৰ পূৰ্বে তেজে টুইট কৰি কয় ‘‘মই বিহাৰ শ্বৰীফ দংগল অনুষ্ঠানত অংশ লৈ ইয়াকে কৈছিলো যে বিজেপিয়ে ৰাম মন্দিৰ নিৰ্মাণৰ কথা হে কয় কিন্তু তাৰিখ উল্লেখ নকৰে৷ আমি মন্দিৰ এনেকুৱা বনাম যত হিন্দু, মুছলিম শিখ, ইছাই, সকলোৱে গৈ পূজা কৰিব৷ মানৱতাৰ মন্দিৰ নিৰ্মাণ কৰিম তেতিয়া বিজেপিৰ ইচ্ছ্যু নাথাকিব৷