কলকাতাঃ ২০১৯ চনত অনুষ্ঠিত হ’বলগীয়া সাধৰণ নিৰ্বাচনৰ বাবে ক্ৰমে দেশৰ ৰাজনীতি গৰম হ’ব ধৰিছে৷ কোনে কাৰ সৈতে মিত্ৰজোঁট গঠন কৰি নিৰ্বাচনত অৱতীৰ্ণ হ’ব তাক লৈ আৰম্ভ হৈছে দল সমূহৰ মাজত পৰিকল্পনা৷ 

২০১৯ চনৰ সাধৰণ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে বিৰোধী দলক একত্ৰিত কৰিবলৈ উঠি-পৰি লাগিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে৷ 

দেশৰ ৰাজনীতিত মমতাৰ নাম চৰ্চা অব্যাগত থকাৰ সময়তে এইবাৰ মমতাক সাক্ষাৎ কৰিবলৈ তেলেংগানাৰ মুখ্যমন্ত্ৰী চিন্তামাণি নাগেশা ৰামচন্দ্ৰ ৰাও আহিব কলকাতালৈ৷ সোমবাৰে পশ্চিম বংগৰ ৰাজধানী কলকাতালৈ আহিব ৰাও৷ 

খবৰ মতে, বিজেপি বিৰোধী মিত্ৰ জোঁটৰ পৰিকল্পনা কৰাৰ বাবে তেলেংগানাৰ মুখ্যমন্ত্ৰী কলকাতালৈ আহিব বুলি চৰ্চা আৰম্ভ হৈছে৷ মুখ্যমন্ত্ৰী ৰাৱে কলকাতাৰ ঐতিহ্যমণ্ডিত কালীঘাট মন্দিৰ ভ্ৰমণ কৰাৰ লগতে পশ্চিম বংগৰ সচিবালয় নৱান্নত বিশেষ বৈঠক অনুষ্ঠিত হ’ব৷