ডিজিটেল ডেস্কঃ ৰীল লাইফক ৰিয়েল লাইফলৈ পৰিবৰ্তন কৰিব খুজি বহু তললৈ নামিল এগৰাকী মহিলা। স্বামীক প্ৰেমিকৰ সৈতে লগলাগি হত্যা কৰি প্ৰেমিকক প্লাষ্টিক চাৰ্জাৰি কৰি স্বামী সজাব বিছাৰি অৱশেষত ধৰা পৰে মহিলাগৰাকীয়ে ৷

হায়দৰাবাদৰ এগৰাকী মহিলাই স্বামী থকাৰ পিছতো প্ৰেমত মত্ত হৈ কৰিলে কোনোৱে নভবা কাম৷ তেলেগু বোলছবি ‘য়েবাদু’ৰ কাহিনীৰ পৰা প্ৰেৰণা লাভ কৰি ৰচিলে ভয়াবহ কাম৷ আধাৰ কাৰ্ড নহলে হয়তো ধৰাও নপৰিল হেতেন মহিলাগাৰকীয়ে৷ 

‘য়েবাদু’ চাই নিজৰ প্ৰকৃত জীৱনতো সেই কাহিনী প্ৰয়োগ কৰাৰ মানস কৰে মহিলাগৰাকীয়ে৷ তেলেংগানাৰ নাগৰকুৰ্নুল জিলাৰ বিবাহিত মহিলা শ্বাতী ৰেড্ডীয়ে নিজৰ প্ৰেমিকৰ সৈতে মিলি প্ৰথমে নিজৰ স্বামী সুধাকৰ ৰেড্ডীক হত্যা কৰে। পিছত জংঘলত নি মৃতদেহ জ্বলাই দিয়ে৷

পূৰ্ব পৰিকল্পনা অনুসৰি শ্বাতীয়ে পিছত প্ৰেমিক ৰাজেশৰ মুখত এচিড ঢালি তেওঁৰ চেহেৰা ধৰিব নোৱাৰে কৰে। যাতে কোনোৱে তেওঁক চিনি নাপাই৷ মুখমণ্ডল বেয়া কৰাৰ পিছত শ্বাতীয়ে ঘৰৰ মানুহক খবৰ দিয়ে যে তেওঁৰ স্বামী অৰ্থাৎ সুধাকৰৰ এক দুৰ্ঘটনাত মুখত এচিড পৰিল বুলি কয়।

খবৰ লাভ কৰি ঘৰৰ মানুহে  সুধাকৰ ৰূপী ৰাকেশক হস্পিতাললৈ নি প্লাষ্টিক চাৰ্জাৰী কৰে৷ চাৰ্জাৰীৰ পিছত ৰাকেশৰ চেহেৰা সম্পুৰ্ণ সলনি হয়৷ তেনেকৈয়ে দুয়োগৰাকীয়ে বহুদিন অতিবাহিত কৰে। পিছে ব্যৱহাৰত বিভ্ৰান্তি দেখি ঘৰৰ অন্য লোকসকলৰ সন্দেহ হোৱাত আৰক্ষীক খবৰ দিয়ে৷

আৰক্ষীয়ে সুধাকৰৰ আধাৰ কাৰ্ডৰ সৈতে সুধাকৰ ৰূপী ৰাকেশৰ ফিংগাৰ প্ৰিন্ট মিলাই চোৱাত সকলো ৰহস্য ওলাই পৰে৷ আৰক্ষীৰ জেৰাত শ্বাতী আৰু ৰাকেশে সুধাকৰক হত্যা কৰাৰ লগতে সকলো স্বীকাৰ কৰে।