মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপৰ দাৱী জনাই স্মাৰক পত্ৰ প্ৰেৰণ টেট শিক্ষক সন্থাৰ

ডিফুঃ সমগ্ৰ ৰাজ্যৰ লগতে পাহাৰীয়া জিলা কাৰবি আংলঙত থকা টেট শিক্ষক সকলেও নিজৰ বিভিন্ন দাবলৈ আজি ডিফুৰ ৰাজপথত বিশাল প্ৰতিবাদী উলিয়ায় ৷ 

প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লেকাৰ্ড, বেনাৰ ফেষ্টুন আদি লৈ "টেট শিক্ষকৰ চাকৰি নিয়মীয়া কৰক’’, ‘‘আমাৰ দাবী মানিবই লাগিব’’, ‘‘আমাৰ দাবী ন্যায্য দাবী " আদি শ্ল'গান দি ডিফুৰ আকাশ-বতাহ কঁপাই তোলে৷  

কাৰবি আংলঙ জিলাৰ বিভিন্ন প্ৰান্তৰ ঠিকাভিত্তিক টেট শিক্ষক সকল ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সমবেত হৈ বিশাল প্ৰতিবাদী সমদলেৰে ডিফুৰ উপায়ুক্ত কাৰ্যালয়লৈ আহি উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ উপায়ুক্তৰ হৈ স্মাৰক পত্ৰখন গ্ৰহণ কৰে অতিৰিক্ত উপায়ুক্ত নৰচিং বে'ই ৷ প্ৰতিবাদী টেট শিক্ষক সকলে অলপতে ৰাজ্যিক শিক্ষামন্ত্ৰীয়ে টেট শিক্ষক সকলকলৈ কৰা টুলুঙা মন্তব্য গৰিহনাৰ যোগ্য আৰু দূৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে ৷

স্মাৰক পত্ৰখনত জিলা টেট শিক্ষক সন্থাই কৰা দাবী ক্ৰমে মুখ্য মন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপত বেতন সুৰক্ষা সহ চাকৰি নিয়মীয়া কৰা ৷ আগন্তুক ১০ দিনৰ ভিতৰত এই দাবী পুৰণ নকৰিলে ৪১০০০ টেট শিক্ষকে দিছপুৰ চলো' আন্দোলনত জপিয়াই পৰিব আৰু তাৰ বাবে সংগঠন জগৰীয়া নহব বুলিও সকিয়াই দিছে জিলা টেট শিক্ষক সন্থাৰ সভাপতি সম্পাদক ক্ৰমে উমাকান্ত টেৰণ আৰু জিতু কলিতাই ৷