পাটনাঃ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজপ্ৰতাপ যাদৱে বিবাহৰ ছমাহৰ পাছতে বিচ্ছেদৰ বাবে আদালতত আবেদন কৰিছে৷ যোৱা ১২ মে’ত বিহাৰৰে প্ৰাক্তন মন্ত্ৰী এজনৰ কন্যা ঐশ্বৰ্যা ৰায়ৰ সৈতে তেজপ্ৰতাপৰ বিবাহ হৈছিল।

বিবাহ বিচ্ছেদৰ আবেদনৰ কথা গম পোৱাৰ লগে লগে প্ৰাক্তন মন্ত্ৰীজনে তেজপ্ৰতাপৰ মাতৃ ৰাবৰি দেৱীক সাক্ষাৎ কৰে৷ ইফালে ৰাঁচিৰ কাৰাগাৰত বন্দীহৈ থকা লালু প্ৰসাদ যাদৱে পুত্ৰ তেজক আলোচনাৰ বাবে মতাই পঠাইছে৷ সম্পৰ্কীয় লোকৰ সূত্ৰই প্ৰকাশ কৰা মতে, বিচ্ছেদ আবেদন উঠাই লোৱাবৰ বাবে চেষ্টা অব্যাহত আছে৷

কিছুদিনৰ পূৰ্বে তেজপ্ৰতাপে আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছিল যদিও কাৰিকৰি কাৰণত সেইখন উঠাই ল’বলগীয়া হৈছিল৷

পৰিয়ালৰ লোকে এই বিষয়ত অদ্যাপি মুখ খোলা নাই যদিও তেজপ্ৰতাপৰ অধিবক্তাই স্বীকাৰ কৰিছে যে দুয়োজনৰ সম্পৰ্কত ঘুণে ধৰিছে৷

ছমাহৰ পূৰ্বে ৰাজকীয়ভাৱে আয়োজন কৰা বিবাহ-আনুষ্ঠানত মুখ্যমন্ত্ৰী নিতিশ কুমাৰকে ধৰি ১০,০০০তকৈ অধিক গণ্যমান্য লোকে অংশগ্ৰহণ কৰিছিল৷ পশুখাদ্য কেলেংকাৰিত দোষী সাব্যস্ত হৈ কাৰাগাৰত থকা পিতৃ লালু প্ৰসাদ যাদৱেও বিবাহ উপলক্ষে তিনি দিনৰ পেৰলত আহি অভ্যাগতক অভ্যৰ্থনা কৰিছিল৷

লালু প্ৰসাদ যাদৱৰ দ্বিতীয় পুত্ৰ এতিয়াও অবিবাহিত৷