তেজপুৰ, অপুৰ্ব বৰাঃ শোনিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ বিহগুৰি জিলা পৰিষদৰ অধীনৰ বাঁহবাৰী গাঁও পঞ্চায়তত ৯ টা ৱাৰ্ডতে বি জে পিৰ প্ৰাৰ্থী জয়ী আৰু এটা ৱাৰ্ডত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হয়।

আনহাতে বৰছলা সমষ্টিৰ ডুমডুমা জিলা পৰিষদৰ নতুন পাম গাঁও পঞ্চায়তত ৫ টা ৱাৰ্ডত বি জে পিৰ ৱাৰ্ড মেম্বাৰ জয়ী হোৱাৰ বিপৰীতে ৪ টা ৱাৰ্ডত কংগ্ৰেছৰ ৱাৰ্ড মেম্বাৰ আৰু এটা ৱাৰ্ডত এ জি পিৰ ৱাৰ্ড মেম্বাৰ জয়ী হয়।পানবাৰী জিলাপৰিষদৰ পানবাৰী পঞ্চায়তত বি জে পিৰ সভাপতি হেমন্তী তাঁতী, আঞ্চলিক সদস্য শিৱচৰণ ছাহু জয়ী হয়।

ঢেকিয়াজুলি সমষ্টিৰ অমিয়পুৰ জিলা পৰিষদ অধীনৰ অমিয়পুৰ গাঁও পঞ্চায়তত সভাপতি পদত বি জে পিৰ প্ৰাৰ্থী জুলন নাথে বিজয়ৰ হাঁহি মাৰে। অমিয়পুৰ গাঁও পঞ্চায়ত ৬ টা ৱাৰ্ডত বি জে পিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰে।৩ টা ৱাৰ্ডত এ জি পিৰ প্ৰাৰ্থী জয়ী হয় আৰু এটা ৱাৰ্ডত কংগ্ৰেছৰ প্ৰাৰ্থী বিজয়ৰ মুখ দেখে।

অমিয়পুৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদ বি জে পিৰ প্ৰাৰ্থী টুংকুলী মণ্ডলে দখল কৰে। নাহৰবাৰী জিলা পৰিষদৰ অধীনৰ ঠেলামাৰা গাঁও পঞ্চায়তত ৬টা ৱাৰ্ড কংগ্ৰেছে আৰু ৪টাত বি জে পি জয়ী হয়।

বৰছলা সমষ্টিৰ বৰগাঁও জিলা পৰিষদৰ অধীনৰ পূব বৰগাঁও গাওঁ পঞ্চায়তত বি জে পিৰ ৩ গৰাকী প্ৰাৰ্থী ৱাৰ্ড মেম্বাৰ পদত জয়ী হোৱাৰ বিপৰীতে কংগ্ৰেছৰ দুগৰাকী প্ৰাৰ্থী ৱাৰ্ড মেম্বাৰ পদত জয়ী হয়। বৰগাঁও জিলা পৰিষদৰ সদস্য পদত বি জে পিৰ প্ৰাৰ্থী ৰিতুমণি দেৱীয়ে এতিয়ালৈকে ১২০০ ভোটত অগ্ৰগতি লাভ কৰি আছে।

বৰছলা সমষ্টিৰ গুপ্তেশ্বৰ জিলা পৰিষদৰ অধীনৰ গুপ্তেশ্বৰ গাঁও পঞ্চায়তত সভাপতি পদত বি জে পিৰ প্ৰাৰ্থী দেৱকী বাউৰী বিজয়ী হোৱাৰ লগতে গুপ্তেশ্বৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদত বি জে পিৰ প্ৰাৰ্থী জাকিৰ হুছেইন জয়ী হয়। গুপ্তেশ্বৰ জিলা পৰিষদৰ সদস্য পদত বি জে পিৰ প্ৰাৰ্থী নমিতা দাসে অগ্ৰগতি লাভ কৰি আছে। গুপ্তেশ্বৰ গাঁও পঞ্চায়তত ১০ টা ৱাৰ্ডৰ ভিতৰত কংগ্ৰেছে বিনা প্ৰতিদ্বন্দ্বিতাত ৫ টা ৱাৰ্ডত জয়ী হৈছিল।বৰ্তমান বাকী ৫ টা ৱাৰ্ডত বিজেপিৰ ৫ গৰাকী ৱাৰ্ড মেম্বাৰ বিজয়ী হৈছে।
 

হলেশ্বৰ জিলা পৰিষদৰ অধীনৰ পাঁচমাইল গাঁও পঞ্চায়তত ৭টা ৱাৰ্ডৰত কংগ্ৰেছ, ১টা অ গ প, ১টা নিৰ্দলীয় প্ৰাৰ্থী জয়ী হয়। আনহাতে আঞ্চলিক পঞ্চায়তৰ কংগ্ৰেছৰ সদস্য গৰাকী জয়ী হয়। ফুলগুৰি পৰিষদৰ বিন্দুকুৰি গাঁও পঞ্চায়তত ৬ বি জে পি, ৩ কংগ্ৰেছ আৰু এজন অ গ প  গাঁওসভাৰ সদস্য নিৰ্বাচিত হৈছে৷ সভাপতি পদৰ বি জে পি সমৰ্থিত প্ৰাৰ্থী কমল ৰহিদাস আৰু আঞ্চলিক সদস্য চুমি দাস বিজয় হয়।