তেজপুৰঃ বালিপৰা জিলা পৰিষদৰ সদস্য মৃণাল শইকীয়াৰ জয়লাভ। ৫৩৫০ টা ভোটত প্ৰতিদ্বন্দ্বী কংগ্ৰেছ প্ৰাৰ্থী ৰাজেশ পাণ্ডিয়াক পৰাস্ত কৰে।

উল্লেখ্য যে বালিপৰা জিলা পৰিষদৰ ১৫ বছৰীয়া কংগ্ৰেছৰ দুৰ্গ সম্পূৰ্ণৰূপে খহাই বি জে পিৰ জয়জয়কাৰ বালিপৰাত। মৃণাল শইকীয়াক লগত লৈ দলীয় নেতা-কৰ্মীসকলে এক সমদল বাহিৰ কৰি উল্লাসত মতলীয়া হয়। মৃণাল শইকীয়া শোনিতপুৰ জিলা পশ্চিম সভাপতি ৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল।