তেজপুৰঃ শোণিতপুৰৰ ৰঙাপৰা সমষ্টিত কংগ্ৰেছৰ প্ৰথমখন নিৰ্বাচনী সভা। ৰঙাপৰা সমষ্টিৰ ফুলবাৰী চাহ বাগিচাত অনুষ্ঠিত হয় কংগ্ৰেছৰ প্ৰথমখন নিৰ্বাচনী সভা।

সভাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা। ৰিপুন বৰাক সংগ দিয়ে ৰঙাপৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা নতুনকৈ কংগ্ৰেছত যোগদান কৰা অভিজিৎ হাজৰিকাই ।

সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে দৰিদ্ৰ জনসাধাৰণৰ উন্নয়ণৰ বাবে বাকীত আৰু ফাঁকিত চলা বি জি পি দলক নসাৎ কৰি ৰাইজে কংগ্ৰেছক আদৰি ল'ব বুলি দোহাৰি এইবেলি পঞ্চায়ত নিৰ্বাচনত ৰঙাপৰা সমষ্টিত কংগ্ৰেছে এশ শতাংশ আসন লাভ কৰিব বুলি দাৱী কৰে।

বৰাই প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মিছা কথাত নবেল বঁটা লাভ কৰিব বুলি তীৰ্যক মন্তব্য কৰি পঞ্চায়ত নিৰ্বাচনৰ বিৰোধিতা কৰা অ গ প আৰু বি জে পিৰ পঞ্চায়তত নিৰ্বাচনত ৰাইজক ভোট বিচৰাৰ কোনো অধিকাৰ নাই বুলিও দোহাৰে।

কংগ্ৰেছত ধনৰ বিনিময়ত টকাৰ লেনদেনৰ অভিযোগ সন্দৰ্ভত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত বৰাই প্ৰমাণ হ'লে সকলোৰে ওপৰত ব্যৱস্থা লোৱা হ'ব বুলি কয়। সমষ্টিৰ প্ৰাক্তন বিধায়ক ভীমানন্দ তাঁতীয়ে আদৰণি ভাষণ পাঠ কৰা সভাখনিত কংগ্ৰেছত নতুনকৈ যোগদান কৰা ৰঙাপৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক অভিজিত হাজৰিকাও উপস্থিত থাকে।