তেজপুৰ, অপুৰ্ব বৰাঃ মানৱ জীৱনৰ লগত গছৰ সম্পৰ্ক অপাৰ। কৃষিজীৱী ৰাইজৰ অপোন ৰঙালী বিহুৰ বতৰত গছক লৈ ব্যস্ত তেজপুৰৰ একাংশ মহিলা। 

সাত বিহু পালনত ব্যস্ত অসমবাসী। চৌদিশে ৰঙালীৰ ৰঙৰ মাজতে আজি ৫ বহাগ চেৰা বিহু এই  দিনটোতে পালন কৰা হয় গছ বিহু৷ কৃষি প্ৰধান বৃহত্তৰ অসমীয়া জাতিটোৰ কৃষকসকলৰ লগতে গছৰ যে গুৰুত্ব আছে সেই কথাৰ পৰিচয় দি তেজপুৰৰ এই মহিলাসকলে পালন কৰিলে গছ বিহু।

তেজপুৰৰ এই মহিলাসকলে গছত বিহুৱান বান্ধি সেৱা কৰে৷ গছ বিহুৰ তাৎপৰ্য হ'ল ব'হাগ বিহুৰ ৰং-ৰহইচৰ মাজতে মানৱ জীৱনৰ সাৰথি স্বৰূপ গছত বিহুৱান দি সেৱা, প্ৰৰ্থনা জনাই বিহু গাই নতুন বছৰটোত যাতে গছৰপৰা সঠিকভাৱে জীয়াই থকাৰ বাবে সহযোগিতা পায় তাৰেই কামনা কৰে।