অপুৰ্ব বৰা, তেজপুৰঃ ৰাজ্যজুৰি বিহু অনুষ্ঠান চলি আছে। তেজপুৰৰ বিভিন্ন প্ৰান্তত চলি থকা বিহুদৰে তেজপুৰৰ মিলনবাকৰি বিহু সন্মিলনে আয়োজন কৰা বিহু সন্মিলনৰ মূল সাংস্কৃতিক অনুষ্ঠানত টেটোন তামুলি কৌতুক গোষ্ঠীয়ে কৌতুক অভিনয়ৰ মাজতে কাৰ্বি পাহাৰত প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিবলৈ গৈ অকালতে প্ৰাণ বলি দান দিব লগা অভি আৰু নীলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি যুৱকদ্বয়ৰ হত্যাৰ  প্ৰতিবাদ জনায় পৰিৱেশন কৰা অনুষ্ঠানে ৰাইজৰ মন আকৰ্ষণ কৰি ৰাইজৰ সমাদৰ লাভ কৰে।