তেজপুৰৰপৰা অপুৰ্ব বৰাঃ গুৰুজনাই দি থৈ যোৱা শংকৰি কলা-সংস্কৃতিৰ আন এক অভিজাত ৰূপ ভাওনাক বিশেষভাৱে আজিও অসমৰ প্ৰতিখন  ঐতিহ্যমণ্ডিত গাঁৱৰ গঞাই প্ৰাণঢালি জীয়াই ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷

গাঁওসমূহত প্ৰতি বছৰেই নামঘৰে নামঘৰে অসমীয়াৰ জেঠ আৰু আহাৰ মাহত নামগোৱা-পানীতোলা সৱাহ পাতি শংকৰ গুৰুজনাই দি থৈ যোৱা আধ্যাত্মিক ধ্যাণ-ধাৰণাক সৱল কৰাৰ লগতে প্ৰায়বোৰ নামঘৰতেই গাওঁবাসীয়ে নিশাৰ ভাগত ভাওনা মঞ্চস্থ কৰি উঠি অহা প্ৰজন্মক শংকৰী কৃষ্টিৰ পাঠ দি আহিছে৷

লক্ষণীয় কথা যে পূৰ্বতে কেৱল পুৰুষ সকলে ভাও দি প্ৰদৰ্শন কৰা ভাওনাক এতিয়া পুৰুষ-মহিলাই মঞ্চস্থ কৰি ইয়াৰ এক অনন্যৰূপ দিবলৈ কৰা প্ৰয়াস গুৰুত্বপূৰ্ণ দিশ হিচাপে বিৱেচিত হৈছে৷ শোণিতপুৰ জিলাৰ এখনি জনবহুল গাঁও মিলনপুৰ কমাৰি চুবুৰিৰ নামঘৰত বাৰ্ষিক কাৰ্যসূচীৰ অংশ হিচাপে যোৱা নিশা গাওঁখনৰ পুৰুষ-মহিলাসকলে অনুস্থিত কৰিলে অঞ্চলটোৰ সমাজসেৱী দুৰ্লভ চন্দ্ৰ বৰাৰ সোঁৱৰনিত ‘প্ৰহ্লাদ চৰিত্ৰ" নামৰ পৌৰাণিক নাটখনি৷ গাঁওখনৰ পুৰুষ-বোৱাৰী, জীয়ৰী, বৃদ্ধা  সকলো মিলি সাৱলীল অভিনয়ৰে ৰূপায়ণ কৰা ভাওনা খনিৰ অভিনৱ ৰূপ টোৱে দৰ্শক সকলক বিমুগ্ধ কৰে৷ আনহাতে, এই ভাওনা উপভোগ কৰিবলৈ কাষৰীয়া গাঁওসমূহৰপৰা আহিও অগনণ দৰ্শকে ভীৰ কৰে৷