তেজপুৰঃ ৰাজ্যৰ আন আন ঠাইৰ লগতে আজি পুৱাৰে পৰা তেজপুৰতো আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহন ৷ শোণিতপুৰ জিলাখনৰ ৯১৯ টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভোটগ্ৰহনৰ বাবে সাজু হৈছে প'লিং বিষয়া প্ৰিজাইডিং বিষয়াকে ধৰি আৰক্ষী বিষয়া তথা জোৱান সকল ।ইতিমধ্যেই ভোটগ্ৰহন কেন্দ্ৰসমুহত ভোটগ্ৰহন আৰম্ভ হৈছে৷

উল্লেখযোগ্য যে, শোণিতপুৰ জিলাৰ ১৯ খন জিলা পঞ্চায়তৰ বিপৰীতে ৬২ গৰাকী, ৭ খন আঞ্চলিক পঞ্চায়তৰ বিপৰীতে ২১৮ গৰাকী, ৮২ খন গাঁও পঞ্চায়ত সভাপতি আসনৰ বিপৰীতে ২৪৯ গৰাকী আৰু গাঁও পঞ্চায়ত সদস্য পদত ১৯১৫ গৰাকীসহ সৰ্বমুঠ ২৪৪৪ গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে ।

আজি ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ'বলগীয়া ৯১৯ টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত ২৯৩ টা স্পৰ্শকাতৰ আৰু ৮৪ টা অতি স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে চিহ্নিত কৰিছে শোণিতপুৰ জিলা প্ৰশাসনে৷ অৱশ্যে ইয়াৰ বাবে পৰ্যাপ্ত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী অধিক নিয়োগ কৰিছে জিলা আৰক্ষী প্ৰশাসনে৷