তেজপুৰঃ কংগ্ৰেছ আৰু অ গ প দলক সমলোচনা কৰি বি জে পিৰ শোনিতপুৰ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত  সভাপতি বি কে নাথে কয় যে বি জে পি চৰকাৰৰ উন্নয়নমূলক কামৰ প্ৰতি আকৃষ্ট হৈ ৰাইজে বি জে পিক আঁকোৱালি লৈছে।

নাথে লগতে কয় যে বি জে পি চৰকাৰ ৰাইজৰ উন্নয়নৰ প্ৰতি দায়বদ্ধ। ৰাইজৰ উন্নয়ন কৰাই বি জে পি চৰকাৰৰ লক্ষ্য বুলি ভাষণত কয় জিলা ভাৰপ্ৰাপ্ত সভাপতি গৰাকীয়ে।

বি জে পি দলৰপৰা নিৰ্বাচিত হোৱা পঞ্চায়ত প্ৰতিনিধিসকলক যদি কোনো দুৰ্নীতি কৰাৰ তথ্যসহ প্ৰমাণ লাভ কৰে তেন্তে  জে'ললৈ পঠিওৱা হ'ব। চৰকাৰী আঁচনিসমূহ ৰাইজে নিজেই ৰূপায়ণ কৰিব।

জনপ্ৰতিনিধিসকল চৰকাৰী আঁচনি ৰূপায়ণত জড়িত হ'ব নোৱাৰিব বুলিও মন্তব্য কৰে ভাৰপ্ৰাপ্ত সভাপতি  নাথে লগতে কয়যে শোনিতপুৰ জিলা পৰিষদ অতি সোনকালে গঠন কৰা হ'ব আৰু সভাপতিৰ পদত কোন অধিস্থিত গ'ব বৰ্তমানেও চূড়ান্ত হোৱা নাই বুলিও তেওঁ মন্তব্য কৰে।