বেংগালুৰুঃ কংগ্ৰেছৰ সাংসদ শশী থাৰুৰৰ পুনৰ বিতৰ্কিত মন্তব্যই দেশৰ ৰাজনৈতিক মহল উত্তপ্ত কৰি তুলিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সন্দৰ্ভত শেহতীয়াকৈ প্ৰকাশ পোৱা তেওঁৰ গ্ৰন্থত থকা এক উদ্ধৃৃতি দি থাৰুৰে মোডীক শিৱলিংগৰ ওপৰত বহি থকা এটা বৃশ্চিক বুলি কয়৷ অৱশ্যে এই ভাষ্য তেওঁৰ নিজৰ নহয়৷ আৰ এছ এছৰ কেৰালা শাখাৰ এজন সদস্যৰ প্ৰধানমন্ত্ৰী মোডী সন্দৰ্ভত তেওঁলোকৰ বৰ্তমানৰ ধাৰণা এয়া৷ মোডী এতিয়া এনে এক স্থানত আছে যেন শিৱলিংগৰ ওপৰত বহি থকা এটা বৃশ্চিকহে৷ ইয়াক হাতেৰেও আঁতৰাব নোৱাৰি আৰু চেণ্ডেলো মাৰিব নোৱাৰি৷

থাৰুৰৰ এই মন্তব্যৰ পাছতে জ্যেষ্ঠ মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে এনে মন্তব্যৰ তীব্ৰ নিন্দা কৰে। থাৰুৰে হিন্দুৰ আৰাধ্য দেৱতা শিৱ আৰু প্ৰধানমন্ত্ৰী মোডীক অপমান কৰাৰ বাবে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীক ক্ষমা খোজাৰ দাবী জনায় মন্ত্ৰীজনে৷